ETV Bharat / state

ৰেড জ'নৰ পৰা গ্ৰীন জ'নলৈ যাতায়াতৰ বাবে কোনে দিলে ই-পাছ !

author img

By

Published : Apr 30, 2020, 9:14 PM IST

Covid 19 ত সংক্ৰমিত ৰেড জ’ন এলেকাৰ পৰা অন্য অঞ্চললৈ যাতায়াতৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল ৰাজ্য় চৰকাৰে ৷ কিন্তু চৰকাৰৰ এই নিৰ্দেশক উলংঘা কৰি তেজপুৰৰ পৰা ধুবুৰীলৈ অবৈধভাৱে যাতায়াত অব্যাহত আছে ৷ যাতায়াতৰ বাবে মুকলি কৰা ই-পাছ সন্দৰ্ভত বৰ্তমান তদন্ত ঘোষণা কৰিছে শোণিতপুৰ জিলাৰ উপায়ুক্তই ৷

DC of sonitpur will enquiry about giving permission epass from red zone to green zone sonitpur
যাতায়াতৰ বাবে কোনে দিলে ই-পাছ !

তেজপুৰ,৩০ এপ্ৰিলঃ শোণিতপুৰ প্ৰশাসনৰ অজ্ঞাতে সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড । বিগত ২৬ এপ্ৰিলত কৰ’ণা ভাইৰাছ সংক্ৰমিত ধুবুৰীৰ বিলাসীপাৰাৰ পৰা বালিপৰালৈ ২২জন লোকক এখন বলেৰ’ পিক আপ ভানেৰে অনাৰ কথা সম্প্ৰতি পোহৰলৈ আহিছে ৷ বিষয় সম্পৰ্কত ইটিভি ভাৰতত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল ৷

মুকলি হোৱা ই-পাছ

পৰৱৰ্তী সময়ত অৰ্থাৎ 28 এপ্ৰিলত ৰাজ্যৰ মুখ্য সচিবে শোণিতপুৰ জিলা পৰিদৰ্শন কৰাৰ সময়ত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সচিব গৰাকীয়ে কৰ’ণা সংক্ৰমিত ৰাজ্যৰ ৰেড জ’নৰ পৰা যিকোনো অঞ্চললৈ যাতায়াতৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু, ইয়াৰ দুদিনপূৰ্বে Covid 19 ৰ হটস্প’ট তথা ৰেড জ'ন ধুবুৰীৰ পৰা একাংশ ব্যক্তিৰ যাত্ৰাৰ ক্ষেত্ৰত শোণিতপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ে কেনেকৈ অনুমতি প্ৰদান কৰিলে সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে বিবেচিত হৈছে ৷ কাৰ্যালয়ৰ তৰফৰ পৰা ২৬ এপ্ৰিলত অনুমতি দিয়া ই-পাছখনৰ নম্বৰ হৈছে EPASS/2020/70441 ৷

যাতায়াতৰ বাবে কোনে দিলে ই-পাছ !

আনহাতে, তেজপুৰ ভ্ৰমণৰ সময়ত ৰাজ্যৰ মুখ্য সচিব আৰু অসম আৰক্ষীৰ মহাপৰিদৰ্শক গৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত উচ্চ পৰ্যায়ৰ তদন্তৰ কথা অৱগত কৰিছিল ৷ লগতে ৰেড জ'নৰ পৰা কোনো লোকক অন্য ঠাইলৈ অহাৰ অনুমতি প্ৰদানৰ কথা অস্বীকাৰ কৰিছিল ৷ তেনেস্থলত এইসকল লোকে কেনেকৈ তেজপুৰত প্ৰৱেশ কৰিলে সেয়া বৰ্তমান সময়ত এক সাঁথৰ হৈ পৰিছে ৷ গুৰুত্বপূৰ্ণ কথা হৈছে চৰকাৰৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই কোনে আৰু কেনেকৈ শোণিতপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ই-পাছ মুকলি কৰি দিলে সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত ৷ ঘটনা সন্দৰ্ভত জিলাখনৰ উপায়ুক্তই যথোচিত তদন্তৰ আশ্বাস প্ৰদান কৰিছে ৷

লগতে চাওকঃ চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধে জাপি দিছে ভুৱা গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.