ETV Bharat / state

Cycle Rally: চাইকেল ৰেলীৰে ভোটাৰক সজাগ কৰাৰ প্ৰয়াস

author img

By

Published : Nov 16, 2022, 10:22 AM IST

শোণিতপুৰত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে চাইকেল ৰেলীৰ আয়োজন । শোণিতপুৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱ কুমাৰ মিশ্ৰই মঙলবাৰে বিয়লি ফ্লেগ অফ কৰে এই সজাগতামূলক চাইকেল ৰেলীৰ(Awareness Cycle Rally) ।

cycle rally in tezpur
চাইকেল ৰেলীৰে ভোটাৰক সজাগ কৰাৰ প্ৰয়াস

তেজপুৰ,১৫ নৱেম্বৰ: শোণিতপুৰত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্য়েৰে বিশেষ পদক্ষেপ(Voter Awareness rally in Tezpur) । হাজাৰাপাৰ ষ্টেডিয়ামৰ পৰা এক বিশেষ সজাগতামূলক চাইকেল ৰেলী বাহিৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে । শোণিতপুৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱ কুমাৰ মিশ্ৰই মঙলবাৰে বিয়লি ফ্লেগ অফ কৰে এই চাইকেল ৰেলীৰ(Awareness Cycle Rally) ।

২০২৩ বৰ্ষৰ বাবে চলি থকা বিশেষ সংক্ষিপ্ত সংশোধনৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ভাৰতৰ নিৰ্বাচন আয়োগৰ পৰা লাভ কৰা নিৰ্দেশ মৰ্মে আয়োজন কৰা হয় এই চাইকেল ৰেলীৰ । এই চাইকেল ৰেলীত শোণিতপুৰ চাইকেল এছ’চিয়েশ্যনৰ প্ৰতিনিধি আৰু তেজপুৰৰ প্ৰায় ১৯ খন বিদ্যালয় তথা মহাবিদ্যালয়ৰ পৰা প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

চাইকেল ৰেলীৰ জৰিয়তে ১৭ বছৰৰ উৰ্ধৰ যুৱ ভোটাৰসকলৰ মাজত নিজৰ নাম নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত কৰা, ফটোযুক্ত ভোটাৰ কাৰ্ডৰ সৈতে ‌আধাৰ সংযোগৰ আদিৰ বিষয়ে সজাগতা সৃষ্টি কৰে । লগতে শেহতীয়াকৈ প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ বাবে ওজৰ-আপত্তি প্ৰক্ৰিয়াৰ বিষয়েও জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা হয় ।

এই কাৰ্যসূচীত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱা, নিৰ্বাচনী বিষয়া ইভা দাস, জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মুদৈকে ধৰি জিলা প্ৰশাসনৰ আন আন জ্যেষ্ঠ বিষয়াসকল ।

লগতে পঢ়ক: Raas Festival in Tihu: টিহুৰ বাৰোৱাৰী ৰাস মহোৎসৱত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.