তেজপুৰ,4 আগষ্ট : শতিকাৰ বৃহৎ বানত ককবকাইছে অসমৰ লাখ লাখ জনসাধাৰণে ৷ অসমৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা সহায়ৰ হাত আগবঢ়াইছে বহুজনে ৷ সেই সময়তে দিল্লীৰ পৰাও আগবাঢ়ি আহিছে "লাইনছ' নামৰ এটা ইভেণ্ট মেনেজমেণ্টৰ দল আৰু এই ইভেণ্ট মেনেজমেণ্ট দলটোৰ "আনবলী ইনক" আৰু "স্কিল বক্স" নামৰ সংস্থা দুটা থিয় দিছে অসমৰ বানপীড়িতৰ কাষত আৰু এই লক্ষ্যৰেই শনিবাৰে নিশা তেজপুৰৰ ডঃ ভূপেন হাজৰিকা কলা ভূমিত "Benagir" শীর্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে ৷
সংস্থাটোৱে "Artist for crisis" বুলি অন্য এটা লক্ষ্যৰে অসম আৰু দিল্লীৰ শিল্পীসকলৰ মাজত সমন্বয় ঘটাই একেলগে কাম কৰিছে এটা বেণ্ডত ৷ এই বেণ্ডটোৱে " Cultivator " আৰু " Bottle Rockets " নামেৰে নতুন মিউজিকেল বেণ্ডেৰে এই অনুষ্ঠানৰ আয়োজন কৰে । উল্লেখ্য যে, আইৰিচ প্ৰডাকচন , ডিজিটেল মিডিয়া আৰু 'Tezpur Buzz'ৰ সহযোগত আয়োজন কৰা এই সাংস্কৃতিক অনুষ্ঠানটোৱে লাভ কৰে ৰাইজৰ বিশেষ সঁহাৰি।