ৰঙাপৰা,5 জুন: শুকুৰবাৰে শোণিতপুৰৰ চাৰিদুৱাৰত অনুষ্ঠিত কৰা হয় ক'ভিড সন্দৰ্ভত এক সজাগতা আৰু পৰ্যালোচনা সভা ৷ এই সভাত ক’ভিড মহামাৰীৰ বিৰুদ্ধে জনসাধাৰণে কেনেদৰে যুঁজ দিব লাগে, সেই সন্দৰ্ভত আলোচনা কৰা হয় ৷
চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা (MLA Padma Hazarika) ৰ সঞ্চালনাত অনুষ্ঠিত এই সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ দাস(DC Bhupesh Chanda Das) । জুন মাহৰ ভিতৰত চতিয়া সমষ্টি ক'ভিডমুক্ত হ'ব, এই মন্তব্য প্ৰকাশ কৰিছে বিধায়ক পদ্ম হাজৰিকা(MLA Padma Hazarika)ই ।
আনহাতে, ক'ভিডক পৰাস্ত কৰাৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰতে যাতে কোনো ক্ৰুটি ৰৈ নাযায়, তাৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ ৰাইজক আহ্বান জনাই জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে(DC Bhupesh Chanda Das) । দৰিদ্ৰ তথা কণ্টেইনমেণ্ট জ’ন(Containment zone) থকা লোকসকলে যাতে যাৱতীয় সকলো সামগ্ৰী তথা ঔষধ পাতি লাভ কৰে, সেই সন্দৰ্ভত জিলা প্ৰশাসনক কঠোৰ নজৰ ৰাখিবলৈ আহ্বান জনাই জিলা উপায়ুক্ত গৰাকীয়ে ।
এই সভাখনত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে চাৰিদুৱাৰ আৰু নদুৱাৰৰ ৰাজহ চক্ৰ বিষয়াদ্বয়, চাৰিদুৱাৰ আৰু ৰঙাপৰা আৰক্ষী বিষয়াৰ লগতে গাঁও পঞ্চায়ত প্ৰতিনিধি, গাঁওবুঢ়া, অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া, আৰক্ষী বিষয়া, চিকিৎসা বিষয়া, চিকিৎসা কৰ্মীসকলৰ লগতে লাট মণ্ডলসকল উপস্থিত থাকে ।
লগতে পঢ়ক: লাওখোৱাত টেপ ৰেকৰ্ডাৰেৰে পক্ষী চিকাৰ চোৰাং চিকাৰীৰ