ঢেকিয়াজুলি,6এপ্ৰিল: শনিবাৰে ঢেকিয়াজুলিত কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই সংবাদমেল অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ লগতে ১১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ৫ টা সমষ্টিতেই কংগ্ৰেছৰ জয়লাভ কৰাটো নিশ্চিত বুলি মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ৷ ইপিনে শাসকীয় দলৰ বিৰুদ্ধে ৰাজ্য প্ৰশাসনৰ বিষয়াসকলক শাসকীয় বিজেপি দলৰ হৈ কাম কৰিবলৈ ভাবুকি প্ৰদান কৰিছে বুলিও অভিযোগ তুলে মুখপাত্ৰ ভট্টাচাৰ্যই ৷
আনহাতে নিৰ্বাচনী আয়োগৰ চকুত ধূলি দি বিজেপি দলে এম্বুলেন্স ব্যৱহাৰ কৰি সমষ্টিয়ে সমষ্টিয়ে ধন বিতৰণ কৰাৰ গুৰুতৰ অভিযোগ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ৷ বিজেপিৰ সভা সমিতিসমূহত জব কাৰ্ডৰ কামত নিয়োজিত শ্ৰমিক তথা আত্মসহায়ক গোটৰ সদস্যাক ধনৰ বিনিময়ত সভালৈ অনাৰ অভিযোগো তুলে কংগ্ৰেছ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই ৷