ETV Bharat / state

অৰুণাচল প্ৰদেশৰ সীমান্তৰ উন্নয়নক লৈ কংগ্ৰেছ বিধায়ক নিনং এৰিঙৰ প্ৰশ্ন - অৰুণাচল প্ৰদেশৰ সীমান্তৰ উন্নয়নক লৈ কংগ্ৰেছ বিধায়ক নিনং এৰিঙৰ প্ৰশ্ন

অৰুণাচল প্ৰদেশৰ কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙৰ মতে ভাৰত-চীন সীমান্তত থকা অৰুণাচল প্ৰদেশৰ সীমান্তৰ উন্নয়ন স্থবিৰ হৈ আছে (Ninong Ering on development of Arunachal Pradesh border)। তেওঁৰ অভিযোগ কেন্দ্ৰই মুকলি কৰা ধনৰাশি কিছু পৰিমাণে কৰ্তন কৰাৰ ফলত উন্নয়ন স্থবিৰ হ'ব ধৰিছে । অৰুণাচল প্ৰদেশৰ চীন-ভাৰত সীমান্তত আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰই ৩ গুণ অধিক পুঁজি আৱণ্টন কৰিছে ।

Development
অৰুণাচল প্ৰদেশৰ সীমান্তৰ উন্নয়ন স্থবিৰ
author img

By

Published : Apr 8, 2022, 8:31 PM IST

তেজপুৰ,৮ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙৰ মতে ভাৰত-চীন সীমান্তত অৰুণাচল প্ৰদেশৰ সীমান্তৰ উন্নয়ন যথেষ্ট কম হৈছে (Development of Arunachal Pradesh border on Indo China border stalled)। কাৰণ বহু সময়ত কেন্দ্ৰই মুকলি কৰা ধনৰাশি কিছু পৰিমাণে কৰ্তন কৰাৰ ফলত উন্নয়ন স্থবিৰ হ'ব হৈছে বুলি তেওঁ মন্তব্য কৰে ।

Development
অৰুণাচল প্ৰদেশৰ সীমান্তৰ উন্নয়ন স্থবিৰ
এৰিঙে কয় যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমান ৩ গুণ অধিক পুঁজিৰ আৱণ্টন কৰাৰ বাবে আনন্দিত । তাৰ বাবে তেওঁ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুক শলাগ লয় কিন্তু তেওঁৰ মতে অৰুণাচল প্ৰদেশত সীমান্তৰ উন্নয়ন (Development of Arunachal Pradesh border) পূৰ্বতকৈ যথেষ্ট পৰিমাণে আগবাঢ়িছে যদিও লেহেমীয়া আৰু কম ।

উল্লেখ্য যে, লোকসভাত কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে জানিবলৈ দিয়ে যে চীন, ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে উত্তৰ-পূবৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত আন্তঃগাঁথনি উন্নত কৰাৰ বাবে সীমান্ত আন্তঃগাঁথনি আৰু ব্যৱস্থাপনা (Border Infrastructure Management) আঁচনিৰ অধীনত ২০২১-২২ বৰ্ষত ৬০২.৩০ কোটি আৰু ২০২০-২১ বৰ্ষত ৩৫৫.১২ কোটি টকাৰ আৱণ্টন কৰা হৈছে । এৰিঙৰ মতে কাগজে পত্ৰই উল্লেখিত ধনৰ পৰিমাণ ঠিকেই থাকে কিন্তু সেই ধন মোকলাই দিয়াৰ পিছত কৰ্তন হৈ কমি আহে আৰু পাহাৰীয়া অঞ্চলত সামগ্ৰীৰ মূল্য অধিক হোৱাৰ ফলত সেই ধনেৰে সম্ভৱ হৈ নুঠে ।

Development
অৰুণাচল প্ৰদেশৰ সীমান্তৰ উন্নয়ন স্থবিৰ

উদাহৰণ স্বৰূপে তেওঁ কয় যে দেশৰ ৰাজধানী আৰু অন্য ঠাইৰ তুলনাত এক বেগ চিমেণ্টৰ দাম প্ৰকৃত দামৰ পৰা বৃদ্ধি হৈ ৫ হাজাৰ টকা পৰ্যন্ত হয়গৈ, ইয়াৰ কাৰণ দুৰ্বল যোগাযোগ ব্যৱস্থা, এতিয়াও সীমান্তৰ বহু ঠাইত বসবাস কৰা লোকে অহা যোৱা কৰিবলৈ বা খাদ্য সামগ্ৰী নিবলৈ যান-বাহন ব্যৱহাৰ কৰিব নোৱাৰে ।

ইফালে ২০২০-২১ বৰ্ষত উত্তৰ-পূবৰ ভাৰত-চীন সীমান্তৰ বাবে বিআইএমৰ অধীনত ৪২.৮৭ কোটি টকাৰ আৱণ্টন কৰা হৈছিল আৰু ২০২১-২২ বৰ্ষত ইয়াৰ বাবে ২৪৯.১২ আৱণ্টন কৰা হৈছে বুলি এক প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰী ৰায়ে কয় । মনকৰিবলগীয়া যে, লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে ভাৰত-চীন দুয়োখন দেশৰ মাজত ৩,৪৮৮ কিলোমিটাৰ দীঘল প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আছে আৰু তাৰ ভিতৰত অৰুণাচল প্ৰদেশৰ চীনৰ সৈতে ১,১২৬ কিলোমিটাৰ দীঘল সীমান্ত আছে ।

অৰুণাচল প্ৰদেশৰ সীমান্তৰ উন্নয়নক লৈ কংগ্ৰেছ বিধায়ক নিনং এৰিঙৰ প্ৰশ্ন

ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে লগতে জনায় যে ২০২০-২১ বৰ্ষত ভাৰত-ম্যানমাৰ সীমান্তৰ বাবে বিআইএমৰ অধীনত ১৭.৩৮ কোটি টকা আৱণ্টন কৰা হৈছিল আৰু ২০২১-২২ বৰ্ষত ইয়াৰ বাবে ৫০ কোটি আৱণ্টন কৰা হৈছে । ভাৰত-ম্যানমাৰ সীমান্তৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামক লৈ মুঠ ১,৬৪৩ বৰ্গ কিলোমিটাৰ সীমান্ত আছে । তেওঁ কয় যে ২০২০-২১ বৰ্ষত ভাৰত-বাংলাদেশ সীমান্তৰ বাবে বিআইএমৰ অধীনত ২৯৪.৮৭ কোটি টকাৰ আৱণ্টন কৰা হৈছিল আৰু ২০২১-২২ বৰ্ষৰ বাবে ৩০৩.১৮ কোটি টকাৰ আৱণ্টন কৰা হৈছে ।

ভাৰত-বাংলাদেশৰ মাজৰ সীমান্ত মুঠ ৪,১৫৬ কিলোমিটাৰ তাৰ ভিতৰত অসমৰ লগত থকা সীমা হৈছে ২০১.৫১ কিলোমিটাৰ ইয়াৰ ভিতৰত ৬১.৪৯ কিলোমিটাৰ আৰু ১৩.৩৮ কিলোমিটাৰ কাঁটা তাঁৰৰ বেৰৰ পৰিকল্পনা চলি আছে বাকী ৪৮.১১ কিলোমিটাৰ নদী সংযোগী এলেকা হোৱাৰ বাবে কাঁটা তাঁৰৰ পৰিকল্পনা কৰা হোৱা নাই ।

Development
অৰুণাচল প্ৰদেশৰ সীমান্তৰ উন্নয়ন স্থবিৰ

মন্ত্ৰী ৰায়ৰ মতে, চৰকাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰাপত্তা শক্তিশালী কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ভিতৰত আছে সীমান্ত ৰক্ষী বাহিনীৰ মোতায়েন, তহলদাৰীৰ হাতত সীমান্তৰ কাৰ্যকৰী আধিপত্য ৰখা, নাকা স্থাপন, পৰ্যৱেক্ষণ চকীসমূহ নিয়ন্ত্ৰণ কৰা, মেপিঙৰ দুৰ্বলতা আৰু সময়ে সময়ে নিয়োজিত সামগ্ৰিক পৰিৱেশৰ পৰ্যালোচনা, নতুন সীমান্ত চকী স্থাপন, নিৰীক্ষণ সঁজুলি স্থাপন, চোৰাংচোৱা নেটৱৰ্ক শক্তিশালী কৰা, সীমাৰ বেৰ স্থাপন আদি সামৰি লোৱা হৈছে বুলি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰায়ে জনায় ।

লগতে পঢ়ক :নিৰাপত্তাৰক্ষীক হাত-ভৰি বান্ধি ডিলাৰৰ পৰা ডকাইতে নিলে 7 খন বলেৰ’ পিক আপ ভান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.