ETV Bharat / state

কংগ্ৰেছৰ বিজয়ক লৈ নিশ্চিত ৰঙাপৰাৰ প্ৰাৰ্থী অভিজিত হাজৰিকা - অসম বিধানসভা নিৰ্বাচন

অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিজয়ক লৈ নিশ্চিত ৰঙাপৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অভিজিত হাজৰিকা ৷ ৰাইজে এইবাৰ কংগ্ৰেছক আশীৰ্বাদ কৰিছে আৰু ভোটাৰ ৰাইজ কংগ্ৰেছৰ লগত আছে বুলি মন্তব্য হাজৰিকাৰ ৷

congress candidate from rongapara constituency abhijit hazarika
কংগ্ৰেছ বিজয়ক লৈ নিশ্চিত ৰঙাপৰাৰ প্ৰাৰ্থী অভিজিত হাজৰিকা
author img

By

Published : Mar 27, 2021, 6:22 PM IST

ৰঙাপৰা,27 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছে জয় লাভ কৰিব বুলি নিশ্চিত ৰঙাপৰাৰ কংগ্ৰেছ প্ৰাৰ্থী অভিজিত হাজৰিকা ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ বৰজুলিৰ হাটখোলাৰ এটি ভোটকেন্দ্ৰত উপস্থিত হৈ হাজৰিকাই কয় যে, "গণতন্ত্ৰত ভোটাৰ ৰাইজেই ৰজা ৷ ভোটাৰ ৰাইজ আমাৰ লগত আছে, ৰাইজে এইবাৰৰ নিৰ্বাচনত আমাক আৰ্শীবাদ কৰিছে" ৷

কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ যুঁজখনৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছে বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি হাজৰিকাই মন্তব্য কৰে ৷ বহু ভোটৰ ব্যৱধানত কংগ্ৰেছে জয়লাভ কৰিব আৰু বিজেপি দ্বিতীয় স্থানত থাকিব বুলি হাজৰিকাই মত প্ৰকাশ কৰে ৷

কংগ্ৰেছ বিজয়ক লৈ নিশ্চিত ৰঙাপৰাৰ প্ৰাৰ্থী অভিজিত হাজৰিকা

তেওঁ কয় যে, ৰঙাপৰা বিধানসভা সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই ষ্টাৰ কেম্পেইনাৰ হিচাপে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছে ষ্টাৰ কেম্পেইনাৰ অবিহনেই নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৷ কিন্তু, বিগত পাঁচটা বছৰে বিজেপিয়ে কাম নকৰাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাত অধিক কষ্ট কৰিবলগীয়া হ'ল বুলি প্ৰাৰ্থী গৰাকীয়ে বিজেপিক কটাক্ষ কৰাৰ লগতে কংগ্ৰেছ দলে সমষ্টিটোত শেষ হাঁহি মাৰিব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: কলিয়াবৰত বিয়লি 3 বজালৈ 65.41 শতাংশ ভোটদান সম্পন্ন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.