ETV Bharat / state

শোণিতপুৰত সমাজ কল্যাণ বিভাগৰ আদৰণীয় পদক্ষেপ

author img

By

Published : Apr 11, 2020, 11:00 PM IST

লকডাউনৰ পূৰ্বে সমাজ কল্যাণ বিভাগৰ জৰিয়তে শোণিতপুৰত ৰূপায়ন কৰা হৈছিল এখন বিশেষ আঁচনি । আঁচনিৰ জৰিয়তে জিলাখনৰ আঠটা প্ৰকল্পৰ অধীনস্থ ১,৯৪৭ টা অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে শিশু হিতাধিকাৰী আৰু গৰ্ভৱতী মহিলাক প্ৰদান কৰা হয় খাদ্য সামগ্ৰী ।

তেজপুৰ
শোণিতপুৰত লকডাউনৰ সময়ছোৱাত সমাজ কল্যাণ বিভাগৰ আদৰণীয় পদক্ষেপ

তেজপুৰ, ১১ এপ্ৰিল ২০২০ : কেন্দ্ৰীয় চৰকাৰৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ (আই.চি.ডি.এচ) অধীনত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে শোণিতপুৰত ৰূপায়ন কৰা হৈছিল এখন বিশেষ আঁচনি । লকডাউনৰ পূৰ্বে গ্ৰহণ কৰা আঁচনিখৰ কাম সমাজ কল্যাণ বিভাগে লডডাউনৰ পাচতো সফলভাৱে ৰূপায়ন কৰিবলৈ চেষ্টা চলাই আছে বুলি জানিবলৈ দিয়ে বিভাগটোৰ বিষয়ববীয়াই ৷

উল্লেখ্য যে, আঁচনিখনৰ জৰিয়তে জিলাখনৰ আঠটা প্ৰকল্পৰ অধীনস্থ ১,৯৪৭ টা অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে সৰ্বমুঠ ৩-৬ বছৰ বয়সৰ ৫৪,২৭৪ গৰাকী হিতাধিকাৰী শিশুৰ গৃহলৈ খাদ্য যোগান (টি.এইচ.আৰ) হিচাপে গৰম খাদ্য (এইচ-চি-এম), ৬ মাহৰ পৰা ৩ বছৰ বয়সৰ ৪৯,৯১১ গৰাকী হিতাধিকাৰী শিশুক টি.এইচ.আৰ, ৮,২৮৪ গৰ্ভৱতী মহিলাক টি.এইচ.আৰ আৰু ১০,২৯৪ গৰাকী স্তন পান কৰোৱা মাতৃক টি.এইচ.আৰ প্ৰদান কৰা হয় ।

ইয়াৰোপৰি, সমাজ কল্যাণ বিভাগৰ পৰা পোৱা তথ্য অনুসৰি, দ্বিতীয় পৰ্যায়ত ৭ এপ্ৰিললৈ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰ, বিহগুৰি, বৰছলা, ঢেকিয়াজুলি, গাভৰু আৰু নদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মুঠ ১,৩০৩টা অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে ২৮,৪৭২ গৰাকী ৩-৬ বছৰ বয়সৰ শিশু গৃহলৈ খাদ্য যোগান ধৰা হৈছে ৷ ৰঙাপাৰা আৰু বালিপাৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনতো দ্বিতীয় পৰ্যায়ত ৩-৬ বছৰ বয়সৰ শিশুৰ গৃহলৈ খাদ্য যোগান ধৰাৰ কাম সুকলমে সম্পূৰ্ণ কৰা হৈছে বুলি জানিবলৈ দিয়ে সমাজ কল্যাণ বিভাগে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.