ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে সংবাদ মাধ্যমক জগৰীয়া মুখ্যমন্ত্ৰীৰ !

author img

By

Published : Jun 12, 2022, 9:31 PM IST

মেট্ৰিক পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ কম হোৱাৰ সন্দৰ্ভত শনিবাৰে মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ চৰকাৰী বিদ্যালয়ৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে সংবাদ মাধ্যমকে জগৰীয়া কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma blames press)৷

Himanta Biswa Sarma blames press
Himanta Biswa Sarma blames press

তেজপুৰ, 12 জুন: শেহতীয়াকৈ ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দেখা গ’ল ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ দুৰ্বল প্ৰদৰ্শন (Schools with zero pass percentage)৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ কম হোৱাৰ সন্দৰ্ভত শনিবাৰে মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ চৰকাৰী বিদ্যালয়ৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে সংবাদ মাধ্যমকে জগৰীয়া কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

2017 চনত শিক্ষামন্ত্ৰীৰ দ্বায়িত্বত আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী ৷ সেই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 31 খন বিদ্যালয়ে প্ৰদৰ্শন কৰিছিল শূন্য ফলাফল ৷ ফলত কেউখন বিদ্যালয়ৰে প্ৰধান শিক্ষকসকলক মাতি নি একপ্ৰকাৰৰ কাঠগড়াত থিয় কৰাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma Show Cause to Headmaster)৷ এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ কৰাৰ বাবে সংবাদ মাধ্যমক জগৰীয়া কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এনেবোৰ বিষয়ত সংবাদ মাধ্যমে মাত নামাতিলে দুবছৰৰ ভিতৰত এশ শতাংশ ভাল ফলাফল হ’ব চৰকাৰী বিদ্যালয়ত ৷

চৰকাৰী বিদ্যালয়ৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে সংবাদ মাধ্যমক জগৰীয়া মুখ্যমন্ত্ৰীৰ

বিভিন্ন সময়ত শিক্ষকে প্ৰাপ্যৰ দাবীত সাব্যস্ত কৰা প্ৰতিবাদৰ ক্ষেত্ৰতো মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, পাঠদান নকৰি প্ৰতিবাদত বহাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ ক্ষতি হয় (Teachers protest in Assam)৷ প্ৰতিবাদ কৰিলে বন্ধৰ দিনত কৰিব লাগে বুলিও মন্তব্য কৰে তেওঁ ৷ আনহাতে শিক্ষকৰ প্ৰতিবাদৰ খবৰ সংবাদ মাধ্যমে প্ৰকাশ কৰাৰ বিৰোধিতা কৰি তেওঁ কয় যে, এনেবোৰ বাতৰি প্ৰকাশ কৰিলে শিক্ষকে প্ৰতিবাদ কৰিবলৈ উৎসাহ পায় ৷

বহু শিক্ষক অন্য বৃত্তিতো নিয়োজিত হৈ থকাৰ কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, বহু শিক্ষক এল আই চিৰ এজেন্টো হৈ আছে ৷ সেইসকলক শিক্ষক নে এল আই চিৰ এজেন্ট হিচাবে মানিম বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শিক্ষক-শিক্ষয়িত্ৰীসকলে যাতে গুৰুত্ব সহকাৰে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰে তাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: ৰাজনীতিকৰ পৰামৰ্শ অনুসৰি ভাল শিক্ষক বাচনি কৰা হয় : মন্ত্ৰী পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.