ETV Bharat / state

ক’ভিড-১৯ সন্দৰ্ভত বিৰোধীৰ সদিচ্ছা নাই: সৰ্বানন্দ সোণোৱাল - CM Covid-19 Meet at tezpur etv bharat news

বিৰোধীৰ কোনো সদিচ্ছা নাই যে ক’ভিড -১৯ মহামাৰীৰ সময়ত জন সাধাৰণৰ মাজত সোমাই কি দৰে সজাগতা সৃষ্টি কৰিব লাগে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচনী আয়োগৰ পৰামৰ্শ মতে, প্ৰশাসনে প্ৰতি জিলাত ক’ভিড-১৯ ৰ পৰিস্থিতিৰ বুজ লোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ক’ভিড-১৯ সন্দৰ্ভত বিৰোধীৰ সদিচ্ছা নাই: সৰ্বানন্দ সোনোৱাল

author img

By

Published : Apr 26, 2021, 1:30 PM IST

তেজপুৰ,26 এপ্ৰিল: সোমবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ সভাকক্ষত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ উপায়ুক্ত স্বাস্থ্য বিভাগৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । তেজপুৰ ভাৰতীয় সেনাৰ চতুৰ্থ ক'ৰৰ বিষয়াসকলৰ লগতো আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ।

মুখ্যমন্ত্ৰী সোণোৱালক বিৰোধী দল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু এআইচিচিৰ সম্পাদক ভূপেন বৰাই কটাক্ষ কৰি মন্তব্য কৰিছিল যে, মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে ক’ভিড-১৯ ক লৈ ৰাজনীতি আৰম্ভ কৰিছে ৷

ক’ভিড-১৯ সন্দৰ্ভত বিৰোধীৰ সদিচ্ছা নাই: সৰ্বানন্দ সোণোৱাল

তাৰ পিছতে এইবাৰ মুখ্যমন্ত্ৰী সোণোৱালে মন্তব্য কৰে যে, এই সম্পৰ্কে সৰ্বদলীয় বৈঠকৰ আয়োজন কৰা হৈছিল ৷ তেতিয়া ৰিপুণ বৰাই মন্তব্য কৰিছিল যে আমি সকলোৱে মিলি এই সময়ত কাম কৰিব লাগিব ৷ তেতিয়া ৰাইজক সচেতন কৰিব পৰা যাব ৷ কিন্তু তাৰ পিছত বিৰোধিতা কৰি বিৰোধীয়ে কৰা কটু মন্তব্যৰ প্ৰত্যুত্তৰত সোণোৱালে বিৰোধীৰ সদিচ্ছাৰ অভাৱ বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: কৰ'ণাতংক: শ্মশানত জ্বলিয়েই আছে চিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.