তেজপুৰ,৮ মে': ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৷ স্বাস্থ্য বিভাগ তথা প্ৰশাসন সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে শোণিতপুৰ জিলাতো কৰ'ণা মহামাৰীয়ে ভয়ংকৰ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷
শেহতীয়াকৈ জিলাখনত ক'ভিড-১৯ ত আক্ৰান্ত লোকৰ প্ৰতি লক্ষ্য লক ডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ জিলাখনৰ একাংশ লোকে ক'ভিডৰ সকলো নীতি-নিয়ম ধূলিসাৎ কৰাৰ বাবে শোণিতপুৰ জিলা উপায়ুক্তই তেজপুৰ চ'ক বজাৰত লক ডাউন কৰিবলৈ বাধ্য হ'ব বুলি ঘোষণা কৰে ।
ইতিমধ্যে উক্ত বজাৰখনৰ সমীপৰ এজন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যুক সাবটি ল'বলগীয়া হয় । তৎসত্বেও ৰাইজৰ কোনো সজাগতা নাই । কোনো এজন লোকে ৰাজ্য চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলা নাই । যাৰ ফলত তেজপুৰ চ'ক বজাৰত লক ডাউন জাৰি কৰিবলৈ জিলা প্ৰশাসন বাধ্য হ'ব বুলি জানিবলৈ দিয়ে শোণিতপুৰ জিলা উপায়ুক্তই ।
লগতে পঢ়ক: কমলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা