ETV Bharat / state

ভাৰতৰ 5 যুৱকক মোকলাই দিলে চীনা সৈন্যই - ভাৰত-চীন সীমান্ত

শনিবাৰে লোহিত উপত্যকাৰ আনজাও জিলাৰ ভাৰত-চীন সীমান্তৰ কিবিথোৰ দমাই সীমান্তৰ সংগমস্থলীত পুৱা প্ৰায় ৯:৩০ বজাত,চীনৰ পি এল এ সেনা ভাৰতীয় সেনাৰ হাতত গটাই দিয়ে তেওঁলোকে বন্দী কৰি নিয়া ভাৰতৰ 5 গৰাকী যুৱকক ৷

5 যুৱকক মোকলাই দিলে চীনা সৈন্যই
5 যুৱকক মোকলাই দিলে চীনা সৈন্যই
author img

By

Published : Sep 12, 2020, 3:46 PM IST

Updated : Sep 12, 2020, 4:37 PM IST

তেজপুৰ, 13 ছেপ্তেম্বৰ: সম্পূৰ্ণ ১১ দিনৰ অন্তত চীনা সৈন্যই মোকলাই দিলে অৰুণাচল প্ৰদেশৰ ৫ গৰাকী যুৱকক ৷ আনজাও জিলাৰ কিবিথোৰ সীমান্তৰ দমাইত মুকলি কৰি দিয়ে যুৱক কেইগৰাকীক ৷ অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিত ভাৰত-চীন সীমান্তৰ পৰা বিগত 2 ছেপ্তেম্বৰত চীনৰ পি এল এ সেনাই সীমান্তৰ পৰা যুৱক কেইগৰাকীক বন্দী কৰি নিয়াৰ তথ্য পোহৰলৈ আহিছিল ৷ কিন্তু চীনৰ ৰাজ্যিক সংবাদ মাধ্যম গ্লোবেল টাইমে অভিযোগ উত্থাপন কৰিছে যে, আটকাধীন 5 গৰাকী যুৱক ভাৰতীয় সেনাৰ চোৰাংচোৱাৰ লোক আছিল ৷ তাৰ পাচতেই তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফ্টেনেণ্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেয়ে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত গ্লোবেল টাইমৰ কামেই এনে ধৰণৰ বুলি উল্লেখ কৰে ৷ পাণ্ডেয়ে জনোৱা মতে,COVID-19ৰ নিয়ম অনুসৰি ৫ যুৱকৰ স্বাস্থ্য পৰীক্ষা কৰি ১৪ দিনৰ বাবে কুৱাৰেণ্টাইনত ৰাখি তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হ'ব ৷

চীনা সৈন্যই মোকলাই দিয়া যুৱক কেইগৰাকী
চীনা সৈন্যই মোকলাই দিয়া যুৱক কেইগৰাকী

শনিবাৰে লোহিত উপত্যকাৰ আনজাও জিলাৰ ভাৰত-চীন সীমান্তৰ কিবিথোৰ দমাই সীমান্তৰ সংগমস্থলীত পুৱা প্ৰায় ৯:৩০ বজাত যুৱক কেইগৰাকীক ভাৰতীয় সেনাৰ হাতত গটাই দিয়ে ৷ বিগত আগষ্ট মাহৰ পৰাই অৰুণাচলৰ ভাৰত-চীন সীমান্তত বিৰাজ কৰি আছিল অপ্ৰীতিকৰ পৰিস্থিতি ৷ অভিযোগ অনুসৰি চীনৰ সৈন্যই অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত প্ৰৱেশ কৰিছিল আৰু উক্ত অঞ্চলসমূহ নিজৰ বুলি দাবী কৰি ফলক লগাইছিল ৷ তাৰ পাচতেই 7 ছেপ্তেম্বৰত চীনা বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰই টুইটাৰযোগে প্ৰকাশ কৰা এটা পোষ্টত,অৰুণাচল প্ৰদেশ চীনৰ দক্ষিণ তিব্বতৰ অংশ বুলি উল্লেখ কৰিছিল ৷

উল্লেখ্য যে,চীনা সৈন্যই বন্দী কৰি নিয়া যুৱক কেইগৰাকীৰ নাম তানু বাকেৰ,প্ৰচাৰ ৰিংলিং,নাগৰু ডিৰী,নাংটো এবিয়া আৰু এৰি তাচো চিংসম বুলি জানিব পৰা গৈছে ৷ তেওঁলোকক চীনা সৈন্যই বন্দী কৰি নিয়াৰ তথ্য পোহৰলৈ অহাৰ পাচতে সেই বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰি,কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু,অৰুণাচল প্ৰদেশৰ সাংসদ তাপীৰ গাৱ' আৰু বিধায়ক নিনং এৰিঙে কেন্দ্ৰীয় চৰকাৰৰ লগত সম্পূৰ্ণ যোগাযোগ কৰাৰ পাচত ভৰতীয় সৈন্যই ৬ ছেপ্তেম্বৰত হটলাইন মেছেজ প্ৰেৰণ কৰে চীনা সৈন্যক ৷ ৮ ছেপ্তেম্বৰৰ বিয়লি 4 বজাত চীনা পি এল এ সৈন্যৰ পৰা সেই মেছেজৰ প্ৰত্যুত্তৰ আহে ৷ প্ৰত্যুত্তৰত তেওঁলোকে ভাৰতীয় যুৱক কেইগৰাকীক মেক-মোহনৰ সমীপত চীনৰ পাদদেশত উদ্ধাৰ কৰাৰ কথা প্ৰকাশ কৰে ৷

অৰুণাচল প্ৰদেশৰ ১,০৮০ বৰ্গ কিলোমিটাৰৰ ভিতৰত ভাৰত আৰু চীনৰ মাজত নাই কোনো ধৰণৰ স্থায়ী সীমা ৷ ১৯১৪ চনত ব্ৰিটিছ চৰকাৰে মেক-মোহন লাইনৰ জৰিয়তে কৰিছিল সীমা নিৰ্ধাৰণ ৷ কিন্তু সেই সীমা চীনা সৈন্যই সঘনাই অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰি নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ভিন্ন সময়ত ৷ ইয়াৰ পূৰ্বে ছিকিমৰ নাথুলাত পথ ভুল কৰি ভাৰতত প্ৰৱেশ কৰা চীনা লোকক নিজ দেশক ঘূৰাই দিছিল ভাৰতীয় সেনাই ৷ ইয়াৰোপৰি ভাৰতীয় সেনাই শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ সীমান্তত ভাৰতত প্ৰৱেশ কৰা চীনৰ ১৩ টা গৰু ঘূৰাই দিও নিদৰ্শন দেখুৱাইছে ৷

লগতে পঢ়ক: ভাৰত-চীন সীমান্তৱৰ্তী সমষ্টি পৰিদৰ্শন অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

Last Updated : Sep 12, 2020, 4:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.