ETV Bharat / state

তেজপুৰত স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড - শোণিতপুৰ জিলা প্ৰশাসন

বৃহস্পতিবাৰে স্বাস্থ্য বিভাগে কৰ'ণাত আক্ৰান্ত গাখীৰ ব্যৱসায়ী পুতুল চন্দ্ৰ বৰুৱা ক'ভিড হাস্পাতাললৈ প্ৰেৰণ কৰাৰ পিছত শোণিতপুৰ জিলা প্ৰশাসনে কণ্টেইন্টমেণ্ট জ'ন ঘোষণা কৰি প্ৰৱেশ নিষিদ্ধ কৰে তেজপুৰ কৈলাশপতি চুবুৰীত ৷ ইয়াৰ পিছতে শুক্ৰবাৰে স্বাস্থ্য বিভাগে আক্ৰান্ত পুতুল চন্দ্ৰ বৰুৱাৰ মাতৃ সমন্বিতে চাৰি গৰাকী সদস্যৰ স্বাৱ সংগ্ৰহ কৰে ৷ কিন্তু পুতুল বৰুৱাৰ সংস্পৰ্শলৈ অহা চুবুৰীৰ ৩৩টা পৰিয়ালৰ ৮৮গৰাকী লোকৰ নাম আৰু মোবাইল নম্বৰ স্বাস্থ্য বিভাগে সংগ্ৰহ কৰি মাত্ৰ চাৰি গৰাকীৰ স্বাৱ সংগ্ৰহ কৰাৰ পিছতে প্ৰায় সংখ্যক লোকৰ মোবাইলত স্বাৱ সংগ্ৰহ কৰা বুলি মেছেজসহ ৰোগীৰ আই,ডি নম্বৰ পৰ্যন্ত আহে ৷ ইয়াৰ পিছতে সৃষ্টি হয় অঞ্চলটোত আতংকৰ ৷

Case of health department in Tezpur
তেজপুৰত স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড
author img

By

Published : Jun 13, 2020, 12:56 AM IST

তেজপুৰ,12জুনঃতেজপুৰত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ জানিব পৰা মতে,বৃহস্পতিবাৰে স্বাস্থ্য বিভাগে কৰ'ণাত আক্ৰান্ত গাখীৰ ব্যৱসায়ী পুতুল চন্দ্ৰ বৰুৱা ক'ভিড হাস্পাতাললৈ প্ৰেৰণ কৰাৰ পিছত শোণিতপুৰ জিলা প্ৰশাসনে কণ্টেইন্টমেণ্ট জ'ন ঘোষণা কৰি প্ৰৱেশ নিষিদ্ধ কৰে তেজপুৰ কৈলাশপতি চুবুৰীত ৷ ইয়াৰ পিছতে শুক্ৰবাৰে স্বাস্থ্য বিভাগে আক্ৰান্ত পুতুল চন্দ্ৰ বৰুৱাৰ মাতৃ সমন্বিতে চাৰি গৰাকী সদস্যৰ স্বাৱ সংগ্ৰহ কৰে ৷ কিন্তু পুতুল বৰুৱাৰ সংস্পৰ্শলৈ অহা চুবুৰীৰ ৩৩টা পৰিয়ালৰ ৮৮গৰাকী লোকৰ নাম আৰু মোবাইল নম্বৰ স্বাস্থ্য বিভাগে সংগ্ৰহ কৰি মাত্ৰ চাৰি গৰাকীৰ স্বাৱ সংগ্ৰহ কৰাৰ পিছতে প্ৰায় সংখ্যক লোকৰ মোবাইলত স্বাৱ সংগ্ৰহ কৰা বুলি মেছেজসহ ৰোগীৰ আই,ডি নম্বৰ পৰ্যন্ত আহে ৷ ইয়াৰ পিছতে সৃষ্টি হয় অঞ্চলটোত আতংকৰ ৷ অঞ্চলটোৰ ত্ৰিদিপ চন্দ্ৰ ভাগৱতীলৈ স্বাস্থ্য বিভাগৰ পৰা স্বাৱ সংগ্ৰহৰ মেছেজ অহাৰ লগতে ত্ৰিদিপৰ ৭৭বছৰীয়া পিতৃ ৰমেশ চন্দ্ৰ ভাগৱতীৰো স্বাৱ সংগ্ৰহ কৰা বুলি মোবাইলত মেছেজ আহে ৷ ইয়াৰ উপৰি অঞ্চলটোৰ বিপুল নাথ সহ কেইবাটাও পৰিয়ালত এনে আজৱ ঘটনা সংঘটিত হোৱাত বিপাঙত পৰিছে এতিয়া পৰিয়ালকেইটা ৷ স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰাত বিপৰীত মন্তব্যহে প্ৰকাশ কৰে স্বাস্থ্য বিভাগে ৷ স্বাস্থ্য বিভাগৰ এনে কাণ্ডহীন কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে এতিয়া অঞ্চলটোৰ ৰাইজে ৷

তেজপুৰত স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড

লগতে পঢ়কঃপৰিষদীয় নিৰ্বাচনত ওদালগুৰিৰ 10খন আসনতেই দলে জয়লাভ কৰিবঃ বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.