ETV Bharat / state

Train Services Cancelled : কেইবাখনো ৰে’ল চলাচল বাতিল আৰু সময়ৰ পুনৰ নিৰ্ধাৰণ - ৰেল চলাচল বাতিল

উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে বিভিন্ন আন্তঃগাঁথনি আৰু সুৰক্ষাজনিত কাৰ্য গ্ৰহণ কৰাৰ বাবে কেইখনমান ৰে'লৰ বাতিলকৰণ, পথ পৰিৱৰ্তন আৰু সময় পুনৰ নিৰ্ধাৰণ কৰিছে ৷

Cancellation and Diversion of Trains
ৰে’ল চলাচল বাতিল আৰু সময়ৰ পুনৰ নিৰ্ধাৰণ
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:52 PM IST

তেজপুৰ , 15 ছেপ্টেম্বৰ : উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে বিভিন্ন আন্তঃগাঁথনি আৰু সুৰক্ষাজনিত কাৰ্য গ্ৰহণ কৰাৰ বাবে ৰঙিয়া মণ্ডলৰ অন্তৰ্গত সৰুপেটা-পাঠশালা ষ্টেচনৰ মাজত ট্ৰেফিক আৰু পাৱাৰ ব্লক আৰু চাংসাৰী-নিউ বঙাইগাঁও খণ্ডৰ মাজত শ্বেড’ ব্লকৰ মেৰামতিৰ পৰিপ্ৰেক্ষিতত কেইখনমান ৰে'লৰ বাতিলকৰণ, পথ পৰিৱৰ্তন আৰু সময় পুনৰ নিৰ্ধাৰণ কৰিছে ৷

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰে’ল সেৱাৰ বাতিলকৰণৰ সময় তালিকা এনেধৰণৰ- 16 আৰু 17 ছেপ্টেম্বৰ, 2023 তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং 15679 (আলিপুৰদুৱাৰ জংচন – লামডিং) ইণ্টাৰচিটি এক্সপ্ৰেছ; ৰেল নং 15770 (লামডিং – আলিপুৰদুৱাৰ জংচন) ইণ্টাৰচিটি এক্সপ্ৰেছ; ৰে’ল নং 15753 (আলিপুৰদুৱাৰ জংচন - গুৱাহাটী) চিফুং এক্সপ্ৰেছ; ৰে’ল নং 15754 (গুৱাহাটী – আলিপুৰদুৱাৰ জংচন) চিফুং এক্সপ্ৰেছ আৰু ৰে’ল নং. 15928 (নিউ তিনিচুকীয়া - ৰঙিয়া) এক্সপ্ৰেছ ৰে’ল বাতিল থাকিব ৷ আনহাতে 16 ছেপ্টেম্বৰ, 2023 তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং 15927 (ৰঙিয়া – নিউ তিনিচুকীয়া) এক্সপ্ৰেছ আৰু 17 ছেপ্টেম্বৰ, 2023 তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং. 15967(ৰঙিয়া - লিডু) এক্সপ্ৰেছ ৰে’ল বাতিল থাকিব ৷

ৰে’ল সেৱাৰ পথ পৰিৱৰ্তন- 16 ছেপ্টেম্বৰ, 2023 তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং 20503 (ডিব্ৰুগড়- নিউ দিল্লী) ৰাজধানী এক্সপ্ৰেছ ৰে’লখন কামাখ্যা – গোৱালপাৰা টাউন – নিউ বঙাইগাঁও হৈ পথ পৰিৱৰ্তন কৰিব ৷ সেই অনুসৰি বিভাগে জনায় যে ৰে’ল সেৱাৰ পুনৰ নিৰ্ধাৰণ সমূহ এনেধৰণৰ- 16 ছেপ্টেম্বৰ, 2023 তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং 05801 (নিউ বঙাইগাঁও - গুৱাহাটী) পেছেঞ্জাৰ ৰে’লখনৰ সময় 04.40 বজাৰ পৰিৱৰ্তে 06.10 বজাত পুনৰ নিৰ্ধাৰণ কৰা হৈছে ৷ 16 ছেপ্টেম্বৰ, 2023 তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং 22411 (নাহৰলগুন – আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছৰ সময় 21.50 বজাৰ পৰিৱৰ্তে 17 ছেপ্টেম্বৰ, 2023 তাৰিখে 00.50 বজাত পুনৰ নিৰ্ধাৰণ কৰা হৈছে ৷

17 ছেপ্টেম্বৰ, 2023 তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং 05810 (গুৱাহাটী - নিউ বঙাইগাঁও) পেছেঞ্জাৰ ৰেলখনৰ সময় 05.00 বজাৰ পৰিৱৰ্তে 06.30 বজাত পুনৰ নিৰ্ধাৰণ কৰা হৈছে ৷ 17 ছেপ্টেম্বৰ, 2023 তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং. 12510 (গুৱাহাটী – এছএমভিটি বেংগালুৰু) এক্সপ্ৰেছ ৰেলখনৰ সময় 06.20 বজাৰ পৰিৱৰ্তে 07.20 বজাত পুনৰ নিৰ্ধাৰণ কৰা হৈছে বুলি জানিবলৈ দিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.