ETV Bharat / state

Bura Chapori Firing Incident: উচ্ছেদিত লোকৰ আক্ৰমণত আহত 4 বনকৰ্মী

author img

By

Published : Jul 17, 2023, 9:37 PM IST

বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলত বনকৰ্মীৰ গুলীচালনা ঘটনাত আহতৰ সংখ্যা বৃদ্ধি ৷ ৪ জনকৈ বনকৰ্মী গুৰুতৰ ভাবে আহত হৈছে ৷ আহত সকলৰ ভিতৰত আছে বন প্ৰাধিকাৰী জয়ন্ত ডেকা, ফৰেষ্ট গাৰ্ড আব্দুল আহাদ, গৃহৰক্ষী জোৱান জ্যোতিপ্ৰসাদ দাস আৰু অৰুণ শইকীয়া ৷

Bura Chapori Firing Incident
উচ্ছেদিত লোকৰ আক্ৰমণত আহত 4 বনকৰ্মী

তেজপুৰ, ১৭ জুলাই : শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলত বনকৰ্মীৰ গুলীচালনা ঘটনাত এগৰাকী মহিলাৰ মৃত্যুৰ লগতে আহতৰ সংখ্যা 7 জনলৈ বৃদ্ধি পালে ৷ শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জনোৱা মতে বুঢ়া চাপৰি বন্য প্ৰাণী সংৰক্ষণ এলেকাৰ চিতলমাৰী শিবিৰত বেদখলকাৰীয়ে বনকৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণৰ ফলতে ৪ জনকৈ বন বিভাগৰ লোক গুৰুতৰ ভাবে আহত হয় ৷

আহত বনবিভাগৰৰ লোক কেইজন বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলৰ বন প্ৰাধিকাৰী জয়ন্ত ডেকা, ফৰেষ্ট গাৰ্ড আব্দুল আহাদ, গৃহৰক্ষী জোৱান জ্যোতিপ্ৰসাদ দাস আৰু অৰুণ শইকীয়া ৷ বেদখলকাৰীয়ে বন প্ৰাধিকাৰী জয়ন্ত ডেকাক যাঠিৰে আক্ৰমণ কৰাত DFO ডেকাই হাতত আঘাত পাই ৷ বৰ্তমান আহত 4 বনকৰ্মীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

Bura Chapori Firing Incident
উচ্ছেদিত লোকৰ আক্ৰমণত আহত 4 বনকৰ্মী

বন বিভাগৰ এক সূত্ৰত মতে, উচ্ছেদ কৰা চিতলমাৰী অঞ্চলত বেদখলকাৰীসকলে পুনৰ উচ্ছেদস্থলীত বসতি স্থাপন কৰে ৷ বন বিভাগৰ লোকে উক্ত অঞ্চলৰ পৰা অবৈধ বাবে বসতি কৰা বেদখলকাৰীক আঁতৰি যাবলৈ কোৱাত বেদখলকাৰীয়ে হাতে হাতে চোকা অস্ত্ৰ লৈ বন কৰ্মী দলক আক্ৰমণ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ আৰু আত্মৰক্ষাৰ বাবে বনকৰ্মীয়ে গুলীচালনা কৰে বুলি ইতিমধ্যে আৰক্ষীয়ে জানিবলৈ দিছে ৷

Bura Chapori Firing Incident
উচ্ছেদিত লোকৰ আক্ৰমণত আহত 4 বনকৰ্মী

আনহাতে এই ঘটনাক নিন্দা প্ৰকাশ কৰিছে বিধায়ক নুৰুল হুদাই ৷ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি দোষী বনকৰ্মীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাই বিধায়ক গৰাকীয়ে ৷ তেওঁ আৰু কয় যে‘‘ বানৰ বাবে হে পুনৰ উচ্ছেদস্থলীত বাহৰ পাতি আছিল ৷ বান পৰিস্থিতি উন্নত হলে সেই স্থান ত্যাগ কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল ৰাইজে ৷ তাৰ পাচতো এই ঘটনা কিয় সংঘটিত হ’ল’’ বুলিও প্ৰশাসনক প্ৰশ্ন কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক:Burhachapori Firing Incident: বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী বিধায়ক নুৰুল হুদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.