ETV Bharat / state

BSNLৰ কাৰ্যালয়ৰ পৰা ২৪টা বেটাৰী লৈ উধাও চোৰ

author img

By

Published : Feb 15, 2021, 10:42 PM IST

শোণিতপুৰৰ ৰঙাপাৰাস্থিত BSNLৰ কাৰ্যালয়ত চুৰিকাণ্ড । কাৰ্যালয়ৰ দৰ্জাৰ তলা ভাঙি ২৪টা বেটাৰী লুটি নিলে চোৰে । বেটাৰীকেইটাৰ মূল্য প্ৰায় আঢ়ৈ লাখ টকা ।

শোণিতপুৰৰ ৰঙাপাৰাস্থিত BSNLৰ কাৰ্যালয়ত চুৰিকাণ্ড

ৰঙাপাৰা, ১৫ ফেব্ৰুৱাৰী: দেওবাৰে নিশা শোণিতপুৰৰ ৰঙাপাৰাস্থিত ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কাৰ্যালয়ত চোৰে লুট-পাত চলায় । ৰঙাপাৰাৰ ১ নং ৱাৰ্ডস্থিত কাৰ্যালয়টোৰ পৰা চোৰে লুটি নিলে ২৪ টা বেটাৰী । কোনো নথকাৰ সুযোগ লৈ নিশা কাৰ্যালয়ৰ দৰ্জাৰ তলা ভাঙি চোৰে চাফাই অভিযান চলায় ।

চোৰে লৈ যোৱা বেটাৰীকেইটাৰ মূল্য প্ৰায় আঢ়ৈ লাখ টকা বুলি কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা চুলতান আহমেদে জানিবলৈ দিছে । এই ঘটনাৰ বিষয়ে ৰঙাপাৰাৰ BSNL কাৰ্যালয় কৰ্তৃপক্ষই ৰঙাপাৰা আৰক্ষীক অৱগত কৰিছে । আনহাতে, চুৰিকাণ্ডৰ বিষয়ে বুজ ল'বলৈ সোমবাৰে ৰঙাপাৰাস্থিত BSNLৰ কাৰ্যালয়ত উপস্থিত হয় শোণিতপুৰ জিলা প্ৰৱন্ধক(কাৰিকৰী বিভাগ) মৌচুমী কৰ ।

দেওবাৰে নিশা বেটাৰীকেইটা চোৰে চুৰি কৰি নিয়াৰ সময়ত মূল গে'টখন খোলাৰ বিপৰীতে পকীবেৰ বগাই পলায়ন কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । ইয়াৰ পূৰ্বেও এই কাৰ্যালয়টোত চুৰিকাণ্ড সংঘটিত হৈছিল । সম্প্ৰতি এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:ধুবুৰীত বিজেপিৰ যোগদান সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.