ETV Bharat / state

কাৰ্গিল যুদ্ধৰ বীৰ সৈনিক বীৰেন শইকীয়াৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

author img

By

Published : May 12, 2022, 10:28 PM IST

সুদীৰ্ঘ ৫০ বছৰৰ অন্তত ১৯৭১ চনৰ কাৰ্গিল যুদ্ধৰ বীৰ সৈনিকে ৰজাঘৰৰ পৰা লাভ কৰিলে স্বীকৃতি । কেনেকৈ বীৰ সৈনিক বীৰেন শইকীয়াই কাৰগিলৰ যুদ্ধত হেৰুৱালে নিজৰ দুয়োখন ভৰি (Brave Soldier of Kargil War Biren Saikia) ৷ ইটিভি ভাৰতৰ জৰিয়তে কাৰগিলৰ সেই সময়ৰ অভিজ্ঞতা ব্যক্ত কৰিলে বীৰ সৈনিকগৰাকীয়ে (ETV Bharat interview with Soldier Biren Saikia) ৷

etv-bharat-interview-with-soldier-of-kargil-war-biren-saikia
কাৰ্গিল যুদ্ধৰ বীৰ সৈনিক বীৰেন শইকীয়াৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

তেজপুৰ, ১২ মে' : সুদীৰ্ঘ ৫০ বছৰৰ অন্তত ১৯৭১ চনৰ কাৰ্গিল যুদ্ধৰ (Kargil War of 1971) বীৰ সৈনিকে ৰজাঘৰৰ পৰা লাভ কৰিলে স্বীকৃতি । ১৯৭১ চনত বাংলাদেশৰ হৈ পাকিস্তানৰ সৈতে হোৱা যুদ্ধত নিজৰ দুখন ভৰি হেৰুৱাৰ পিছতো আজিও সেই যুদ্ধৰ স্মৃতি লৈ জীয়াই থকা বীৰ সৈনিক বীৰেন শইকীয়াই অৱশেষত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰিলে আৰ্থিক অনুদান ।

উল্লেখ্য যে, বিগত 23 এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা উক্ত সন্মান লাভ কৰি গৌৰৱ অনুভৱ কৰিছে সৈনিকগৰাকীয়ে ।

বিগত ৫০ বছৰে এইগৰাকী বীৰ সৈনিকে ৰাজ্য চৰকাৰৰ পৰা যি সন্মান লাভ কৰিব লাগিছিল সেয়া যেন কিঞ্চিতহে আছিল। ১৯৭১ চনৰ ৩ ডিচেম্বৰত পাকিস্তানৰ লগত যুদ্ধ ঘোষণা হোৱাৰ পাছত ৫ ডিচেম্বৰত কাৰ্গিলৰ ত্ৰিশূল নামৰ দ্বিতীয় সুৰক্ষা চকী অধিগ্ৰহণ কৰিলে যদিও সৈনিক শইকীয়াৰ দুয়োখন ভৰি যথৰ হৈ পৰে আৰু মুমূৰ্ষ অৱস্থাত ৭ দিন পৰি থাকে (Brave Soldier of Kargil War Biren Saikia)৷

এফালে তয়ময়া ৰণ, আনফালে শত্ৰুৰ গুলীত একাংশ আহত আৰু নিহত জোৱানৰ মাজতে এটা প্ৰকাণ্ড শিলৰ আঁৰত ঢলি পৰি ৰৈছিল সৈনিক বীৰেন শইকীয়াও । বৰ্তমান চৰকাৰে মুঠ ১০০ৰো অধিক সৈনিকক ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ লগতে পৰিয়ালৰ দুজনকৈ লোকক চৰকাৰী নিযুক্তি দিয়াৰ আশ্বাস প্ৰদান কৰিছে ।

সম্প্ৰতি ইটিভি ভাৰতৰ জৰিয়তে কাৰগিলৰ সেই সমগ্ৰ ঘটনাৰ বিৱৰণী আগবঢ়ালে বীৰ সৈনিক বীৰেন শইকীয়াই (ETV Bharat interview with Soldier Biren Saikia)৷ চাওক এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

লগতে পঢ়ক : ভাৰত-চীন সীমান্তৰ হলী জলপ্ৰপাত পৰ্যটকৰ বাবে মুকলি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.