ETV Bharat / state

Book Inauguration programme: অভিনেত্ৰী কৃষ্ণা দাস নাথৰ গ্ৰন্থ উন্মোচন

author img

By

Published : Nov 13, 2022, 7:34 AM IST

বিশিষ্ট নৃত্য পতিয়সী তথা অভিনেত্ৰী কৃষ্ণা দাস নাথৰ "প্ৰতিধ্বনি শুনো মই " নামৰ গ্ৰন্থ উন্মোচন (Book Inauguration programme)৷ শনিবাৰে তেজপুৰ সাহিত্য সভা ভৱনত উন্মোচন কৰা হয় গ্ৰন্থখন ৷

Book Inauguration programme in Tezpur
Book Inauguration programme: নৃত্য পতিয়সী তথা অভিনেত্ৰী কৃষ্ণা দাস নাথৰ গ্ৰন্থ উন্মোচন

তেজপুৰ, 13 নৱেম্বৰ: শনিবাৰে তেজপুৰ সাহিত্য সভা ভৱনত বিশিষ্ট নৃত্য পতিয়সী তথা অভিনেত্ৰী কৃষ্ণা দাস নাথৰ "প্ৰতিধ্বনি শুনো মই " নামৰ গ্ৰন্থখন উন্মোচন কৰা হয় (Book Inauguration programme)৷ এই গ্ৰন্থখনত লেখিকা তথা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ জীৱনৰ বিস্তীৰ্ণ অভিজ্ঞতা তথা তেখেতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগতে যিসকল বৰেণ্য লোকৰ সান্নিধ্য লাভ কৰিছিল সেইসমূহ অনুভৱ সন্নিৱিষ্ট কৰিছে (Book Inauguration programme in Tezpur)৷

নৃত্য পতিয়সী তথা অভিনেত্ৰী কৃষ্ণা দাস নাথৰ গ্ৰন্থ উন্মোচন

এই কিতাপখনৰ মূল উদ্দেশ্য তেওঁৰ পুৰণি স্মৃতিসমূহ সজীৱ কৰি ৰখাৰ লগতে নৱ প্ৰজন্মক আগুৱাই লৈ যোৱা বুলি প্ৰকাশ কৰে লেখিকাগৰাকীয়ে ৷ এই গ্ৰন্থ উন্মোচনী সভাত উন্মোচক হিচাপে উপস্থিত থাকে অভিনেত্ৰী মলয়া গোস্বামী (Actress Moloya Goswami)৷ প্ৰায় চাৰি বছৰৰ মূৰত তেজপুৰলৈ আহি নিজৰ পুৰণি অভিজ্ঞতা বৰ্ণনা কৰে অভিনেত্ৰীগৰাকীয়ে ৷

তেওঁ কয়-"আগৰ লোক সকলে বাট দেখুৱাই গৈছিল ৷ এতিয়াৰ যুৱ প্ৰজন্মই বৰ সুন্দৰ কাম কৰিছে ৷ নতুন চিন্তাধাৰা, নতুন পৰিকল্পনাৰে বৰ্তমানৰ যুৱ প্ৰজন্মই উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি কাম কৰিছে ৷ এতিয়া গোটেইবোৰ ডিজিটেল হৈছে, তাৰে কিছু কথা অমাৰো বুজিবলৈ টান লাগে ৷ বৰ্তমান সময়ত যিখন ছবিয়েই ভাল হৈছে সেইখনেই কিন্তু দৰ্শকে আদৰি লৈছে ৷ আমি ভাল ছবি উপহাৰ দিব লাগিব ৷ এইক্ষেত্ৰত কিন্তু আমাৰ কিছু প্ৰযুক্তিবিদ্যাৰ সা-সুবিধাৰো নাটনি দেখা যায় ৷ গতিকে আমি সেইটো দিশতো গুৰুত্ব দিয়াটো উচিত ৷"

ইয়াৰ লগতে শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ মৃত্যুত অভিনেত্ৰী মলয়া গোস্বামীয়ে গভীৰ শোক প্ৰকাশ কৰে ৷ পুলক গগৈৰ মৃত্যুৱে অসমৰ সংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে ৷

এই গ্ৰন্থ উন্মোচনী সভাত শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ ,তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা , নাট্যকাৰ লেখক ঐশ্বৰ্য কাকতি, বিশিষ্ট অভিনেতা অৰুণ নাথ তেজপুৰ সাহিত্য সভাৰ সভাপতি ড৹ দিলীপ শইকীয়াও উপস্থিত থাকে ৷

লগতে পঢ়ক: Bir Lachit Barphukan : দিল্লীৰ মেট্ৰ’ ষ্টেচনত জিলিকিছে অসমীয়াৰ সৌয্য-বীৰ্যৰ প্ৰতীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.