চতিয়া, 15 জুন : শোণিতপুৰ জিলাৰ চতিয়াৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত ধুবিখোলাৰ এখন পকী দলঙত মঙলবাৰে সন্ধিয়া ভাগত উদ্ধাৰ হয় এটি বোমা (Bomb) ৷ বোমা উদ্ধাৰৰ ঘটনাই সমগ্ৰ ইটাখোলা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, ধুবিখোলাৰ এজন পথচাৰীয়ে উক্ত বোমাটো প্ৰত্যক্ষ কৰাৰ পাচত চিঞৰ-বাখৰ কৰে আৰু লগে লগে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হয় ।
![bomb-rescued](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asc10017-sootea-15june-801-802-visual-sooteanews-pransankarbhuyan_15062021205020_1506f_1623770420_818.jpg)
ইয়াৰ পাচত ইটাখোলা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ইটাখোলা আৰক্ষীৰ দল উপস্থিত হয় ৷ উদ্ধাৰ হোৱা বোমাটো এটা মৰ্টাৰ (Mortar) চেল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে বোমা উদ্ধাৰকাৰী (Bomb Expert)ক খবৰ দিয়ে যদিও বাতৰি প্ৰচাৰ কৰা পৰলৈকে উক্ত স্থানত উদ্ধাৰকাৰী উপস্থিত হোৱা নাই ।
লগতে পঢ়ক : দেবাংগনাৰ জামিন লাভৰ পাচতে উৎফুল্লিত ডিব্ৰুগড়বাসী