ETV Bharat / state

Assam Municipal Election 2022 : বিজেপিৰ দখলৰ দিশে শোণিতপুৰ পৌৰসভা - ঢেকীয়াজুলি পৌৰসভা

6 মাৰ্চত অনুষ্ঠিত হোৱা অসম পৌৰসভাৰ ভোটগণনা ইতিমধ্যে আৰম্ভ হৈছে (Assam Municipal Election 2022) ৷ শোণিতপুৰ জিলাৰ 4 খন পৌৰসভাত পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা (Municipal Election Results) ৷ তথ্য অনুসৰি শোণিতপুৰৰ 4 খন পৌৰসভাতে বিজেপি দলে আগবাঢ়ি আছে ৷

বিজেপিৰ দখলৰ দিশে শোণিতপুৰ পৌৰ সভা
বিজেপিৰ দখলৰ দিশে শোণিতপুৰ পৌৰ সভা
author img

By

Published : Mar 9, 2022, 11:24 AM IST

তেজপুৰ, ৯ মাৰ্চ : বুধবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে অসম পৌৰসভাৰ ভোটগণনা ৷ চলিত মাহৰ 6 তাৰিখে অনুষ্ঠিত হৈছিল অসমৰ 80 খন পৌৰসভাৰ 977 টা ৱাৰ্ডত পৌৰ নিৰ্বাচন 2022 (Assam Municipal Election 2022) ৷ ৰাজ্যৰ 80 খন পৌৰসভাৰ ভিতৰত শোণিতপুৰ জিলাৰ চাৰিখন পৌৰসভাৰ ১৯ টা ৱাৰ্ডৰো আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া (Municipal Election Results) ৷

প্ৰাপ্ত তথ্য অনুসৰি, শোণিতপুৰ জিলাৰ 4 খন পৌৰসভাৰ নিৰ্বাচনৰ বৰ্তমানো ভোটগণনা চলি আছে তেজপুৰত । তেজপুৰৰ ১৯ টা ৱাৰ্ডৰ ভিতৰত বিজেপিয়ে মুঠ ১৬, কংগ্ৰেছে ১৬, অগপই 3, এজেপিয়ে 3 আৰু নিৰ্দলীয়ই 23 খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ শোণিতপুৰ পৌৰসভাৰ মুঠ 61 খন আসনৰ ভিতৰত এজন প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৷ শোণিতপুৰ পৌৰসভাৰ মুঠ 61 খন আসনৰ ভিতৰত ১৯ খন আসনৰ ৯ খনতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা গৈছে ।

বিজেপিৰ দখলৰ দিশে শোণিতপুৰ পৌৰ সভা

ইফালে ঢেকীয়াজুলি পৌৰসভাৰ দহটা ৱাৰ্ডৰ ৯ টা ৱাৰ্ডত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ঢেকীয়াজুলি পৌৰসভাৰ ৯ ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ 22 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১৬,৮৭৫ গৰাকী ভোটাৰে ৷ পৌৰসভাখনৰ 10 ৱাৰ্ডৰ ৯ টা ৱাৰ্ডত বিজেপি দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছ দলে 7 টা ৱাৰ্ড, অসম জাতীয় পৰিষদে 1টা আৰু 5 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে পৌৰ নিৰ্বাচনৰ যুঁজত অৱতীৰ্ণ হৈছিল ৷ ঢেকীয়াজুলি পৌৰসভাৰ 7 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী তুলিকা শইকীয়াই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে ।

আনহাতে, ৰঙাপৰা পৌৰসভাৰ ১০ টা ৱাৰ্ডত মুঠ ৩৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১১,৪২০ গৰাকী ভোটাৰে । ইয়াৰে ভিতৰত পুৰুষ ভোটাৰ ৫,৮৭৯ আৰু মহিলা ভোটাৰ আছিল ৫,৫৪১ জন ৷ ৰঙাপৰা পৌৰসভাৰ ১০ টা ৱাৰ্ডত 10 গৰাকী বিজেপি, 10 গৰাকী কংগ্ৰেছ, 1 গৰাকী চিপিআইএম, 3 গৰাকী অসম জাতীয় পৰিষদ আৰু 11 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷

ইফালে জামুগুৰিহাটৰ ১০ খন পৌৰসভাত বিজেপি দলৰ ১০ গৰাকী আৰু কংগ্ৰেছ দলৰ 6 গৰাকী প্ৰাৰ্থীয়ে পৌৰ নিৰ্বাচনৰ যুঁজত নামিছিল ৷ ইয়াৰে ৬খনত আসনত প্ৰতিদ্বন্দ্বিতা হৈছে যদিও বাকী ৪ খনত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী লাভ কৰিছে ৷ উল্লেখ্য যে, জামুগুৰিহাটৰ মুঠ ৬,৯২০ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব 16 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷

লগতে পঢ়ক : Assam Municipal Election 2022 : মিত্ৰজোঁটৰ দখলত টীয়ক পৌৰসভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.