ETV Bharat / state

Bike rally in Tezpur: কিবিঠুৰ পৰা পুনেলৈ সেনাৰ ১৫ জনীয়া বাইক ৰেলী

লে.জেনেৰেল ৰাজীৱ চৌধুৰীয়ে তেজপুৰত ফ্লেগ এফ কৰিলে কিবিঠুৰ পৰা পুনেলৈ যাত্ৰা আৰম্ভ কৰা ১৫ জনীয়া বাইক ৰেলীৰ ৷ শীৰ্ঘে মুকলি হোৱাৰ পথত নিৰ্মীয়মাণ কামেং জিলাৰ নেচিফু সুৰংগ (Nechiphu Tunnel in Arunachal pradesh) ৷

author img

By

Published : Apr 21, 2023, 1:53 PM IST

Bike rally in Tezpur
মটৰ চাইকেল ৰেলীৰ ফ্লেগ এফ অনুষ্ঠান
লে. জেনেৰেল ৰাজীৱ চৌধুৰীয়ে মটৰ চাইকেল ৰেলীৰ ফ্লেগ এফ কৰে

তেজপুৰ, 21 এপ্ৰিল : বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনৰ সঞ্চালক প্ৰধান লে. জেনেৰেল ৰাজীৱ চৌধুৰীয়ে আজি মটৰ চাইকেল ৰেলীৰ ফ্লেগ এফ কৰে । তেজপুৰৰ প্ৰজেক্ট ভৰ্ত্তকৰ কাৰ্যালয়ৰ পৰা একতা আৰু শ্ৰদ্ধাঞ্জলি অভিযান উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আৰম্ভ কৰা হয় এই ৰেলীৰ ৷ যোৱা ১৩ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ কিবিঠুৰ ভাৰত-চীন সীমান্তৰ প্ৰথমখন গাঁওৰ পৰা আৰম্ভ হোৱা বৰ্ডাৰ ৰোডছৰ ১৫ জনীয়া মটৰ চাইকেল আৰোহীয়ে এই যাত্ৰা আৰম্ভ কৰিছিল (border roads organisation) ।

আঞ্জাও জিলাৰ কিবিঠু, তেজু ,পাছিঘাট, ইটানগৰ হৈ তেজপুৰত উপস্থিত হোৱা দলটোৱে অহা ৬ মে'ত বৰ্ডাৰ ৰোডছৰ পুনেৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে । ৭ মে'ত বৰ্ডাৰ ৰোডছৰ প্ৰতিষ্ঠা দিৱসত উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা নিয়া বিভিন্ন গছ পুলি আৰু নদীৰ পৰা নিয়া পানী অন্য স্থানত মিহলি কৰিব একতাৰ চিনস্বৰূপে । অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰ্ডাৰ ৰোডছৰ সঞ্চালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে , বৰ্ডাৰ ৰোডছৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত বিভিন্ন উন্নয়নমূলক কাম হাতত লোৱা হৈছে (Bike rally by border roads organisation) ।

Bike rally in Tezpur
লে. জেনেৰেল ৰাজীৱ চৌধুৰীয়ে মটৰ চাইকেল ৰেলীৰ ফ্লেগ এফ কৰে

শেহতীয়াভাৱে, অৰুণাচল প্ৰদেশৰ স্পৰ্শকাতৰ ভাৰত চীন সীমান্তত আৰম্ভ হোৱা এই সমন্বয় আৰু ভাতৃত্বৰ লক্ষ্যৰে মুঠ ১০৮ খন বিভিন্ন জলাশয়ৰ পানীৰ লগতে বিভিন্ন ঠাইৰ মাটি গছ পুলি নি পুনেত উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে । আনহাতে লাডাখ সীমান্তৰ পৰা আন এটা দল আহি নতুন দিল্লীত একেলগ হৈ পুনেলৈ যাত্ৰা কৰিব । তেওঁ কয় যে বৰ্ডাৰ ৰোডছৰ অধীনত অৰুণাচল প্ৰদেশৰ কামেং আৰু টাৱাং জিলাত নিৰ্মীয়মান দুটা সুৰংগৰ কাম প্ৰায় সমাপ্তি ঘটিছে ।

কামেং জিলাৰ নেচিফু সুৰংগৰ কাম সম্পূৰ্ণ হৈ উঠিছে বুলি জানিবলৈ দিয়ে লে. জেনেৰেল ৰাজীৱ চৌধুৰীয়ে (Nechiphu Tunnel in Arunachal pradesh) ৷

লগতে পঢ়ক : Elephant trafficking : দল-সংগঠনৰ নেতৃত্বক সকীয়নি প্ৰদান কৰি গুজৰাটলৈ লৈ যোৱা হ’ল অৰ্ধশতাধিক হাতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.