চতিয়া, ১০ এপ্ৰিল : সমাজৰ উত্তৰণৰ ক্ষেত্ৰত থকা অনবদ্য অৱদানৰ বাবে খনামুখ বালিগাঁৱৰ বিশিষ্ট সমাজকৰ্মী কমিচন মিলিলৈ বৃহত্তৰ খনামুখৰ ৰাইজৰ সহযোগত আগবঢ়োৱা হয় "ভৰলীপৰীয়া সমাজ হিতৈষী বঁটা" (Bharaliparia Samajhitoshi Award)। এই উপলক্ষে দেওবাৰে খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰংগমঞ্চত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভৰলীপৰীয়া সমাজ হিতৈষী বঁটাৰে কমিচন মিলিক সন্মানীত কৰা হয় (Bharliparia Samajhitoshi Award to Comison Mili)। কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত পৰিৱেশ নিকাৰণ আৰু বৃক্ষৰোপণ কৰা হয় । এই অনুষ্ঠানৰ পিছতেই অনুষ্ঠিত হয় ভৰলীপৰীয়া সমাজ হিতৈষী বঁটা প্ৰদান অনুষ্ঠানৰ বিশেষ সভা ।
দৰং মহাবিদ্যালয়ৰ অৱসপ্ৰাপ্ত অধ্যক্ষ পূৰ্ণেশ্বৰ নাথৰ পৌৰোহিত্যত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আদৰণি সমিতিৰ সভাপতি মোহন উপাধ্যায়ে (Bharaliparia Samajhitoshi Award in Sootea)। ইয়াৰ পিচত খনামুখৰ কৃতী শিক্ষক তুলসী কাৰ্কীয়ে বঁটা প্ৰাপক কমিচন মিলিক লৈ ৰচিত গীত পৰিবেশন কৰে । এই অনুষ্ঠানটোৰ অন্তত বিশিষ্ট সমাজগৰাকীক ফুলাম গামোছা, চেলেং চাদৰ, জাপি আৰু সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰা হয় ।
উল্লেখ্য় যে, কমিচন মিলিয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য সেৱাৰ স্বীকৃতি হিচাপে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁক এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এইদৰে সন্মানিত কৰে । এই অনুষ্ঠানত বিভিন্ন জনে তেওঁৰ কৰ্মময় জীবনৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানটোত তেজপুৰৰ সাংসদ পল্লবলোচন দাস, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে সমাজ সেৱকগৰাকীৰ জীৱন পৰিক্ৰমাৰ বিষয়ে বক্তব্য প্ৰদান কৰে ।
এই অনুষ্ঠানত সমাজসেৱক গৰাকীৰ নামত এটি পথৰ আধাৰশিলা স্থাপন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই (Sootea MLA Padma Hazarika) । লগতে তেওঁৰ জীৱনৰ ওপৰত আধাৰিত অভিনন্দন গ্ৰন্থ "মুদজুম" ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে উন্মোচন কৰে (Book released in Sootea)। বঁটা প্ৰদান অনুষ্ঠানটোত অঞ্চলটোৰ কেইবা শতাধিক লোক উপস্থিত থাকে ।