ETV Bharat / state

উত্তৰ পূৰ্বাঞ্চলৰ পৰা ভাৰত দৰ্শন বিশেষ পৰ্যটক ৰেল "শ্ৰী ৰাম পথ "

author img

By

Published : Dec 30, 2020, 4:00 PM IST

উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথম বাৰৰ বাবে ভাৰতীয় ৰেল বিভাগে আৰম্ভ "ভাৰত দৰ্শন" সেৱা ৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ত্ৰিপুৰাৰ পৰা আৰম্ভ কৰিব এই বিশেষ ৰেল সেৱা । ত্ৰিপুৰাৰ পৰা গুৱাহাটীহৈ অয্যোধা ৰাম জনমভূমি, বাৰণসী আৰু প্ৰয়াগৰাজ লৈ যাব এই বিশেষ ৰেল সেৱা ।

bharat darshan special rail
bharat darshan special rail

তেজপুৰ,৩০ ডিচেম্বৰ : ভাৰতীয় ৰেল বিভাগে আগবঢ়াইছে বিশেষ "ভাৰত দৰ্শন" সেৱা ৷ উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথম বাৰৰ বাবে আৰম্ভ হ’ব এই সেৱা । উত্তৰ পূব ৰেলৱেৰ আঞ্চলিক প্ৰবন্ধক অনুজ দত্তই তেজপুৰত এক সংবাদ মেলত কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ত্ৰিপুৰাৰ পৰা আৰম্ভ কৰিব এই বিশেষ ৰেল সেৱা । ত্ৰিপুৰাৰ পৰা গুৱাহাটীহৈ অয্যোধা ৰাম জনমভূমি, বাৰণসী আৰু প্ৰয়াগৰাজ লৈ যাব এই বিশেষ ৰেল সেৱা । নতুন বছৰৰ ফেব্ৰুৱাৰী মাহৰ ২৩ তাৰিখৰ পৰা আৰম্ভ হ’ব লগীয়া এই তীৰ্থ যাত্ৰীৰ বাবে মাচুল হ’ব মাত্ৰ ৮,৫০৫ টকা । এই ৮,৫০৫ টকাৰ ভিতৰতে উক্ত স্থান সমূহ পৰিদৰ্শন আৰু থকা-খোৱাৰ ব্যৱস্থা ৰাখিছে ।

এই ৰেল সেৱাৰ নাম হৈছে ভাৰত দৰ্শন বিশেষ পৰ্যটক ৰেল "শ্ৰী ৰাম পথ" । অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ ই-টিকটৰ পৰ্যটক এজেন্ট আছে আৰু অন লাইনত ইয়াৰ টিকট উপলব্ধ আৰু গুৱাহাটী ৰেলৱে ষ্টেচনত পোনপটীয়াকৈ বুকিং কৰিব পৰিব বুলি দত্তই জানিবলৈ দিয়ে । এই যাত্ৰাৰ বাবে সময় লাগিব ৮ ৰাতি আৰু ৯ দিন । টিকট সমূহ IRCTC পৰ্যটনৰ পৰা সংগ্ৰহ কৰিব পাৰিব । মুঠ ৭০০ যাত্রী প্ৰথম পৰ্যায়ত এই ভ্ৰমণলৈ নিব ।

উল্লেখযোগ্য যে, সকলো যাত্রী ক’ভিড-১৯ ৰ প্ৰট’কল মতে যাৱতীয় বয় বস্তু চেনিটাইজাৰ কৰা হ’ব যাত্ৰাৰ পূৰ্বে । এই যাত্ৰাৰ টিকট সকলো ৰেল ষ্টেচনত উপলব্ধ নহ’ব এক মাত্ৰ গুৱাহাটীৰ আৰু ই- টিকট যোগে উপলব্ধ হ’ব । আনহাতে প্ৰতিটো কক্ষত যাত্ৰীৰ লগত এজন সুৰক্ষা কৰ্মী আৰু সমগ্ৰ যাত্ৰাত এজন অধক্ষও যাত্ৰীৰ সহায়ৰ বাবে থাকিব ।

লগতে পঢ়ক : অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.