ETV Bharat / state

Baresaharia Bhaona Mahotsav 2023 : বাৰেচহৰীয়া ভাওনাৰ প্ৰথমদিনা ২১ খন খোলাত ভাওনা প্ৰদৰ্শন - Sonit Konwaj Gajen Barua

আৰম্ভ হৈছে জামুগুৰিহাটৰ ঐতিহ্যপূৰ্ণ বাৰেচহৰীয়া ভাওনা মহোৎসৱ । প্ৰথমদিনৰ কাৰ্যসূচীত মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে বাৰেচহৰীয়া ভাওনাৰ স্থায়ী প্ৰকল্প । আনহাতে, নিশাৰ ভাগত ২১ খন খোলাত একেলগে প্ৰদৰ্শিত হয় ভাওনা (Baresaharia Bhaona Mahotsav 2023) ।

Tezpur
Tezpur
author img

By

Published : Mar 8, 2023, 12:15 PM IST

Updated : Mar 8, 2023, 12:38 PM IST

প্ৰথমদিনা ২১ খন খোলাত ভাওনা প্ৰদৰ্শন

তেজপুৰ, ৮ মাৰ্চ : জামুগুৰিহাটত চলি আছে ঐতিহাসিক বাৰেচহৰীয়া ভাওনা (Baresaharia Bhaona of Jamugurihat Sonitpur) । ২২৬ সংখ্যক সাংস্কৃতিক মহোৎসৱ বাৰেচহৰীয়া ভাওনাৰ মঙলবাৰে প্ৰথমদিনা একেদৰে মুঠ ২১ খন খোলাত অনুষ্ঠিত হয় ঐতিহাসিক ভাওনা মহোৎসৱ (226th Baresaharia Bhaona Mahotsav 2023) । ৰাম বিজয়, সীতা হৰণ, বালি বধ, দক্ষ যজ্ঞ, যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞ, কৰ্ণ পৰ্ব, ৰাৱণ বধ আদিকে ধৰি মুঠ ২১ খন ভাওনা অনুষ্ঠিত হয় (Bhaona performed at Baresaharia Bhaona Mahotsav) ।

উল্লেখ্য, এই ভাওনা সমাৰোহৰ এক ঐতিহ্য আছে । ১৭৯৭-৯৮ চনত আৰম্ভ হোৱা এই ভাওনা মহোৎসৱে এইবাৰ ২২৬ বছৰত ভৰি দিলে । কিন্তু সাম্প্ৰতিক সময়ৰ সমাজ জীৱনৰ প্ৰাণ প্ৰাচুৰ্যৰ বিপৰীতে পৰম্পৰাগত সংস্কৃতি অটুট ৰাখি এই বাৰেচহৰীয়া ভাওনাৰ পৰম্পৰা চলি আহিছে । এই ভাওনা মহোৎসৱত প্ৰকাশ পায় শংকৰী সনাতন একশৰণ আদৰ্শৰ অনুপ্ৰেৰণা আৰু একান্ত ভকতি । শোণিত কোঁৱৰ গজেন বৰুৱাই (Sonit Konwaj Gajen Barua) পোন প্ৰথমবাৰৰ বাবে এই ভাওনা মহোৎসৱক জামুগুৰিহাটৰ ক্ষুদ্ৰ পৰিসৰৰ পৰা উলিয়াই আনি অসম আৰু ভাৰতবৰ্ষৰ বৃহত্তৰ সংস্কৃতিপ্ৰেমীৰ মাজত চিনাকি কৰাই দিয়ে ।

১৯৬৯ চনত গজেন বৰুৱাই পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে একত্ৰিত কৰি এই বাৰেচহৰীয়া ভাওনাক এক নতুন মাত্ৰা প্ৰদান কৰে । যাৰ ফলত এই ভাওনা মহোৎসৱ উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ লক্ষাধিক ভক্তপ্ৰাণ ৰাইজ সমবেত হয় জামুগুৰিহাটৰ পকামূৰা পথাৰত । প্ৰতি চাৰি বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই ভাওনা মহোৎসৱ বৰ্তমান উত্তৰ অসম তথা ভাৰতবৰ্ষৰ ভিতৰতে এক লেখত ল'বলগীয়া মহোৎসৱ হিচাপে পৰিগণিত হৈছে ।

ইতিমধ্যে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা এই ভাওনা মহোৎসৱৰ শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে । প্ৰথমদিনাৰ কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal at Baresaharia Bhaona) । তেওঁ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ স্থায়ী প্ৰকল্প উদ্বোধন কৰে । আনহাতে, পৰৱৰ্তী কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ।

উল্লেখ্য যে বাৰেচহৰীয়া ভাওনাৰ বিশেষত্ব হৈছে ২০-৩০ খন খোলাত একেলগে ভাওনা অনুষ্ঠিত হয় । প্ৰায় ৪০০ ৰো অধিক গায়ন-বায়নে ঘোষা, ডবা, বৰকাঁহ, শংখ পৰিবেশন কৰে । ভোৰতাল, কালী, নাগাৰা, খোলৰ শব্দত এইকেইদিন জামুগুৰিহাটত এক সুকীয়া পৰিৱেশে বিৰাজ কৰে ।

লগতে পঢ়ক :Baresaharia Bhaona Mahotsav: বাৰেচহৰীয়া ভাওনাৰ ভাষণত মন্ত্ৰী সোণোৱালৰ জয় হিন্দ ধ্বনি

Last Updated : Mar 8, 2023, 12:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.