তেজপুৰ, 2 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰাণালয়ৰ উদ্যোগত আৰম্ভ হোৱা জিলা দক্ষতা বিকাশ পৰিকল্পনা প্ৰস্তুতকৰণৰ ক্ষেত্ৰত শোণিতপুৰ জিলাই শ্ৰেষ্ঠতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ বিশ্ব বেংকৰ SANKALP কাৰ্যসূচীৰ অংশস্বৰূপে আৰম্ভ হোৱা এই দক্ষতা বিকাশ পৰিকল্পনা প্ৰস্তুতকৰণ ক্ষেত্ৰত এই বঁটা দেশৰ মুঠ ৭ খন জিলাই লাভ কৰিছে ৷ তাৰ ভিতৰত অসমক প্ৰতিনিধিত্ব কৰি শ্ৰেষ্ঠতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাই ৷
লগতে পঢ়ক: ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰিৰ সম্ভাৱনা ৰাজ্যত