ৰঙাপৰা,12ফেব্ৰুৱাৰী : সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ৰঙাপৰা আঞ্চলিক সমিতিয়ে নিজৰ কাৰ্যালয়ত বৃহস্পতিবাৰে এক সংবাদ মেল সম্বোধন কৰে । সংবাদ মেলত সভাপতি গৌতম শীলে প্ৰকাশ কৰে যে, যোৱা ২৮-১২-২০২০ তাৰিখত ৰঙাপৰা পৌৰসভা কাৰ্যালয়ত চতুৰ্থদশ বিত্তীয় আঁচনিৰ নিবিদা হৈছিল ।
উক্ত নিবিদা প্ৰক্ৰিয়া চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি অনুষ্ঠিত নোহোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল । যাৰ বাবে নিবিদা প্ৰক্ৰিয়াৰ সন্দৰ্ভত হোৱা অনিময়ৰ তদন্তৰ দাবী জনাই বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ৰঙাপৰা পৌৰসভা কাৰ্যালয়ত এখন আবেদন জনাইছিল গৌতম শীলে ।
চতুৰ্থদশ বিত্তীয় আঁচনিৰ নিবিদাত হোৱা অনিময়ৰ তদন্তৰ দাবী জনাই চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত পত্ৰ দিয়াৰ পিছতো বিষয়া গৰাকীয়ে বৰ্তমানলৈকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷ ইয়াৰ পিছতে ৰঙাপৰাৰ যুৱ মৰ্চাৰ সভাপতি ভুষন চৌধুৰীয়ে হঠাৎ ফোনযোগে চতুৰ্থদশ বিত্তীয় আঁচনিৰ ঘটনাৰ পৰা আঁতৰি আহিবলৈ নিৰ্দেশ দিয়ে, অন্যথা ইয়াৰ পৰিণতি বিষম হ'ব বুলি সকীয়াই দিয়ে ।
সভাপতি গৰাকীয়ে সংবাদ মেলত সদৰী কৰা অনুসৰি, বুধবাৰে নিশা প্ৰায় ১০ মান বজাত প্ৰথমতে ভুষণ চৌধুৰীয়ে গৌতম শীলৰ বাসগৃহত প্ৰৱেশ কৰে । গেটৰ সন্মুখত অপু দাস আৰু শ্যাম থাপা নামৰ দুজন যুৱক থিয় হৈ আছিল । বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতক বিজেপিৰ কৰ্মী ভুষণ চৌধুৰীয়ে বিভিন্ন ধৰণৰ অশালীন ব্যৱহাৰ কৰাৰ উপৰিও প্ৰাণে মৰাৰ ভাবুকিৰ লগতে নিজৰ সা-সম্পত্তি বিক্ৰী কৰি ৰঙাপৰা চহৰ ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰে ।
এই ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাৰ সন্দৰ্ভত ন্যায় বিচাৰি ৰঙাপৰা আঞ্চলিক সমিতি আৰু মহিলা সমিতিয়ে পৃথকে পৃথকে ৰঙাপৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি সংবাদ মেলত সদৰী কৰে শীলে ।
সততে শূণ্য সহনশীলতাৰ কথা কৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত দুৰ্নীতি-অনিময়ৰ তদন্তৰ দাবী জনোৱাৰ পিছতো বিজেপি কৰ্মীয়ে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ পিছত সৰ্বসাধাৰণ ৰাইজ সুৰক্ষিত নহয় বুলি দাবী কৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি গৰাকীয়ে ।
বিজেপি কৰ্মীয়ে নিশা মানুহৰ ঘৰত প্ৰৱেশ কৰি হত্যাৰ ভাবুকি প্ৰদান কৰা কাৰ্যক একেমুখে গৰিহণা দিয়ে সংগঠনটোৱে । ৰঙাপৰা পৌৰসভা কাৰ্যালয়ৰ চতুৰ্থদৰ্শ বিত্তীয় আঁচনিৰ সৈতে বিজেপিৰ ভুষণ চৌধুৰীৰ কি সম্পৰ্ক আছে বুলি সভাপতি গৌতম শীলে এক প্ৰশ্ন উত্থাপন কৰে ।
সমস্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ন্যায় প্ৰদান কৰাৰ আশা প্ৰকাশ কৰিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে । ৰঙাপৰা পৌৰসভা কাৰ্যালয়ত চতুৰ্থদশ বিত্তীয় আঁচনিৰ নিবিদা তিনিখন বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ বিপৰীতে এখন বাতৰি কাকতত বিজ্ঞাপন দিয়া, জাননী ব’ৰ্ডত জাননী জাৰি নকৰা, স্থানীয় ঠিকাদাৰক অৱগত নকৰাৰ অভিযোগ উত্থাপন কৰে গৌতম শীলে ।
নিবিদাৰ ক্ষেত্ৰত হোৱা অনিয়মৰ তদন্ত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে দাবী জনোৱাত যুৱ মৰ্চাৰ কৰ্মীসকল ক্ষোভিত হোৱাৰ কাৰ্যত তেখেতে আশ্চৰ্য প্ৰকাশ কৰিছে । ইফালে চতুৰ্থদশ বিত্তীয় আঁচনিৰ নিবিদাৰ সন্দৰ্ভত তদন্তৰ দাবী জনোৱাৰ পিছত সভাপতি গৌতম শীলক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ ঘটনাক পশ্চিম ঢেকীয়াজুলি আঞ্চলিক সমিতিয়ে গৰিহণা দিয়াৰ লগতে ৰঙাপৰা আৰক্ষীয়ে এই ক্ষেত্ৰত ন্যায় প্ৰদান নকৰিলে সংবাদ মাধ্যমৰ আগত গণতান্ত্ৰিক আন্দোলন গঢ়ি হুংকাৰ দিয়ে ।
অন্য এক খবৰৰ বাবে: জনপ্ৰিয় নৃত্যশিল্পী স্বপ্না চৌধুৰীৰ বিৰুদ্ধে দাখিল এজাহাৰ