তেজপুৰ,৩০ জুলাইঃ যোৱা ৮ জুলাইত বিয়লি অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ নাগ মন্দিৰৰ সমীপত ডাৱৰ বিস্ফোৰণ হৈ ভয়ংকৰ ভূমিস্খলন ঘটে ৷ ইয়াৰ পিছতে চেঁচা আৰু ৰুপাৰ মাজত ৬৪ কিঃ মিঃ পথত ১০০ অধিক যান বাহন,পৰ্যটকৰ বাহন আবদ্ধ হোৱাৰ পিছতে জিলা প্ৰশাসনে নিষিদ্ধ কৰিছিল যানবাহনৰ চলাচল ৷ আনহাতে জিলাখনৰ উপায়ুক্ত ডঃ সোনাল স্বৰুপে এক নিৰ্দেশনাৰ পিছতে ১১ জুলাইৰ পৰা ১৫ আগষ্টলৈকে পথটোৰে সকলো যান বাহন নিষিদ্ধ কৰে ৷ কিন্তু এই গুৰুত্বপূৰ্ণ পথটো সম্প্ৰতি কিছু ঠাইত জীৱন মৰণ পণ কৰি একাংশ পৰ্যটকৰ বাহন নিজৰ ইচ্ছামতে চলাচল কৰিবলৈ ধৰিছে ৷
ইপিনে যোৱা তিনি দিন ধৰি পাহাৰীয়া জিলাখনত পুনৰ নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া নৈৰ জলপ্ৰপাত বৃদ্ধি পাইছে ৷ যাৰ ফলত ভূমিস্খলনৰ ফলত কেবাটাও ঘৰ ধ্বংস হোৱাৰ লগতে যান বাহনো ধ্বংস হয় ৷ উল্লেখ্য যে পাহাৰীয়া ৰাজ্য খনৰ ৰাজধানী ইটানগৰতো এই মাহতোৰ ভিতৰত কেবাঠাইতো ভয়াৱহ ভূমিস্খলন হৈ যান বাহন ধ্বংস হৈছে ৷