তেজপুৰ,১৭ জুন : উত্তপ্ত হৈ পৰিছে ভাৰত-চীন সীমান্ত ৷ লাডাখৰ গালৱান ভেলীত ভাৰতীয় সেনা আৰু চীনা পিপল্চ লিবাৰেশ্যন আৰ্মিৰ মাজত হোৱা সংঘাতৰ ফলত 20 জনকৈ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ খবৰ প্ৰকাশ পাইছে ৷ সেইসকলৰ ভিতৰত আছে ভাৰতীয় সেনাৰ এজন কামাণ্ডাৰো ৷ যুদ্ধৰ উকমুকনি উঠিছে ভাৰত চীন সীমান্তত ৷ 45 বছৰৰ পাচত ৰক্তাক্ত হৈছে ভাৰত-চীন সীমান্তৰ শুভ্ৰ তুষাৰ ৷ পুনৰ হ'ব নেকি চীন-ভাৰতৰ যুদ্ধ ? সকলোৰে মনত এতিয়া একেটাই প্ৰশ্ন ৷
এই বিষয়ে আমাৰ সাংবাদিকে মত-বিনিময় কৰিছিল ভাৰতীয় সেনা বাহিনীৰ লে:কৰ্ণেল (অৱসৰ প্ৰাপ্ত) এ কে নন্দীৰ সৈতে ৷ তেখেতে চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ মেক্ মোহন লাইনত কৰ্মৰত অৱস্থাত ২০১০ চনত অৱসৰ গ্ৰহণ কৰে । ১৯৯৯ চনত কাৰ্গিলৰ যুদ্ধত অংশ গ্ৰহণ কৰা এই গৰাকী বিষয়াই কয় যে, চীনৰ এটা নতুন নীতি পূৰ্বৰে পৰা আছে ৷ যদি সীমান্তৰ আলোচনাৰ পিচত দুখোজ পিছুৱাই যায়, লগে লগে কিন্তু আনটো খোজ দি সীমান্তৰ দিশে ধাৱমান হয় ।
পূৰ্বেও অৰুণাচলৰ সীমান্তত চীনা সৈন্যই বহুবাৰ অনাধিকাৰ প্ৰৱেশ কৰিছিল ৷ গুলীওৱাৰ নিৰ্দেশ নথকাৰ বাবে আৰু যুদ্ধ সদৃশ পৰিবেশ সৃ্ষ্টি হোৱাৰ আশংকাত ভাৰতীয় সেনাই ঠেলি-গতিয়াই চীনা সৈন্যক সীমাৰ পৰা আঁতৰাই পঠিয়াই ৷ নিজৰ অভিজ্ঞতাৰ পৰা এইদৰে বৰ্ণনা দি সেনা বিষয়া গৰাকীয়ে কয় যে, ভাৰতে সীমান্তৰ যোগাযোগ ব্যৱস্থা উন্নত কৰা উচিত ৷ চীনে আপত্তি দৰ্শালেও নিৰ্মাণ বন্ধ কৰিব নালাগে ৷
লগতে পঢ়ক : মহানগৰীত গণ সংক্ৰমণ হোৱা নাইঃ হিমন্ত বিশ্ব শৰ্মা