ৰঙাপৰা,5 জুন: শোণিতপুৰ জিলাৰ বালিপৰাত সুলভ মূল্যৰ দোকানীৰ (whole sale shop) মইমতালি ৷ চাউল কমকৈ দিয়াৰ লগতে খুদ চাউল মিহলাই গ্ৰাহকক চাউল বিক্ৰী কৰাৰ অভিযোগত শনিবাৰে গ্ৰাহকে হাতে-লোটে ধৰা পেলায় পাকবিল-আদাবাৰী গাঁৱৰ সুলভ মূল্যৰ দোকানী জগদীশ পাণ্ডিয়াক । পাণ্ডিয়াই অঞ্চলটোৰ প্ৰায় আঠশ গ্ৰাহকৰ প্ৰতিজন গ্ৰাহকক 1.2 কেজি চাউল কমকৈ দি অহাৰ সময়তে এগৰাকী গ্ৰাহকে হাতে-লোটে ধৰা পেলায় ব্যৱসায়ীগৰাকীক ৷
পাণ্ডিয়াৰ মাতৃ ৰত্নী দেৱীৰ নামত থকা উক্ত চৰকাৰী সূলভ মূল্যৰ দোকানখনত পূৰ্বেও পাণ্ডিয়াই অনুৰূপ ধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷ ইতিমধ্যে ৰাইজৰ অভিযোগৰ ভিত্তিত ক'লা ব্যৱসায়ী জগদীশ পাণ্ডিয়াক চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে । দৰিদ্ৰলোকৰ নামত অহা চাউল, চেনী আদি হৰলুকি কৰি অহা উক্ত ব্যৱসায়ীজনৰ বিৰুদ্ধে উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে অঞ্চলটোৰ গ্ৰাহকে ।
লগতে পঢ়ক : ১০০ বিঘা মাটিত কঠীয়া পৰাৰ সিদ্ধান্ত বিশ্বজিৎ ফুকনৰ