চতিয়া,২ জুলাইঃ শোণিতপুৰ জিলাৰ চতিয়াত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জামুগুৰিহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে ৷ চৰকাৰে গ্ৰহণ কৰা ভূমি নীতিৰ অধিসূচনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷
অসমৰ ৰাইজৰ অজ্ঞাতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসভাই বুধবাৰে অনুষ্ঠিত হোৱা এখন সভাত এক নতুন ভূমি আইন প্ৰণয়ন কৰে ৷ উক্ত ঘটনাৰ প্ৰতিবাদত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জামুগুৰিহাট আঞ্চলিক ছাত্ৰ সন্থাই ৰাজপথত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী ভূমি নীতি সম্পৰ্কীয় অধিসূচনাৰ প্ৰতিলিপি দাহ কৰাৰ লগতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ খনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰে জামুগুৰিহাটৰ ৰাজপথ । অতি শীঘ্ৰে অসম চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় । লগতে উক্ত সিদ্ধান্ত বাতিল নকৰিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ছাত্ৰ সন্থাৰ সদস্য সকলে ৷
লগতে পঢ়ক- ভিন্ন দাবীৰে যোৰহাটত কা-বিৰোধী ঐক্যৰ মঞ্চ প্ৰতিবাদ