তেজপুৰ, 8 মেঃ অসম চৰকাৰৰ স্বাস্থ্যও বিত্ত মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক পশ্চিম বংগৰ নিৰ্বাচন প্ৰচাৰত তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা অগপ নেতা-কৰ্মীৰ।
বুধবাৰে তেজপুৰত হোৱা অগপ দলৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি জেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কৰা আক্ৰমণক তীব্ৰ ভাযাৰে গৰিহণা দিয়ে ৷ দুয়ো গৰাকী অগপ দলৰ নেতাই উক্ত ঘটনা সংঘটিত কৰা ব্যক্তিক আটক কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পশ্চিম বংগৰ চৰকাৰক আহ্বান জনায় ।