ETV Bharat / state

শোণিতপুৰত অসম ৰাইফলছৰ গছ পুলি ৰোপণ কাৰ্যসূচী

author img

By

Published : Jul 20, 2021, 1:49 PM IST

শোণিতপুৰত সোমবাৰে শুভাৰম্ভণি হ'ল অসম ৰাইফলছৰ গছ পুলি ৰোপণ কাৰ্যসূচী । জিলাখনৰ লোকৰাস্থিত অসম ৰাইফলছৰ ঘাটিৰ সমীপত প্ৰায় ১৫০০টা গছ পুলি ৰোপণ কৰা হয় । পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যেৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে শোণিতপুৰৰ অসম ৰাইফলছৰ জনসম্পৰ্কৰক্ষী বিষয়াই ।

Assam Rifels plantation programme at Tezpur
শোণিতপুৰত অসম ৰাইফলছৰ গছ পুলি ৰোপণ কাৰ্যসূচী

তেজপুৰ, ২০ জুলাই : বন ধ্বংসযজ্ঞই সম্প্ৰতি পৰিৱেশৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে । সেয়ে, চৰকাৰৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংস্থাসমূহেও সময়ে সময়ে গছ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত মানুহক সজাগ কৰাৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে । সোমবাৰে শোণিতপুৰৰ লোকৰাস্থিত অসম ৰাইফলছেও (Assam Rifles) গছ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে । লোকৰাস্থিত অসম ৰাইফলছৰ (Assam Rifles) ঘাটিৰ সমীপত প্ৰায় ১৫০০টা গছ পুলি ৰোপণ কৰা হয় ।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ (Centarl Home Ministry) অধীনত সকলো পেৰা মিলিতেৰী (Pera Militery) গোটক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এই পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ইতিমধ্যে সকলো ৰাজ্যতে এই অভিযানৰ অধীনত বৃহৎ অঞ্চল জুৰি গছ পুলি ৰোপণ কৰা হৈছে । এই কাৰ্যসূচী সন্দৰ্ভত শোণিতপুৰৰ অসম ৰাইফলছৰ জনসম্পৰ্কৰক্ষী বিষয়া কৰ্ণেল ৰোহন মহাজনে কয় যে, এই কাৰ্যসূচীৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্ৱাঞ্চলৰ ৰাজ্যত পৰিৱেশ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তেওঁ লগতে কয় যে, উত্তৰ-পূৰ্ৱাঞ্চলৰ জৈৱ বৈচিত্ৰ প্ৰতি যি চৰম ভাবুকিৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি জোৱানসকলে বনাঞ্চল সংৰক্ষণ ব্যৱস্থাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, বৰ্তমান মানুহৰ কামৰ বাবে পৰিৱেশৰ প্ৰতি যিদৰে ভাবুকি আহিছে, সেইদৰে একাংশ লোকে পৰিৱেশ সংৰক্ষণৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে । গছ পুলি ৰোপণৰ লগতে পূৰ্বে ৰোপণ কৰা গছৰ যত্ন লৈ একাংশই সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

বহু প্ৰকৃতিপ্ৰেমী, স্বেচ্ছাসেৱী সংগঠনে পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত কাম কৰিবলৈ ওলাই আহিছে । সমান্তৰালকৈ অসম ৰাইফলছেও এতিয়া গছ পুলি ৰোপণ কাৰ্যসূচীৰ জৰিয়তে মানুহক পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰাৰ প্ৰয়াস কৰিছে । বিগত দিনবোৰত সেনা জোৱানসকলে ৰাজ্যৰ বিভিন্ন স্থানত চাফাই অভিযান চলোৱাৰ লগতে পৰিৱেশ দিৱসতো গছ পুলি ৰোপণ কৰা পৰিলক্ষিত হৈছিল ।

লগতে পঢ়ক:স্কুল চলাব কোনে হেড ছাৰ নে হেড বাইদেউৱে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.