ৰঙাপৰা, ৭জুনঃ শোণিতপুৰ ৰঙাপৰাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ শুনানি দিবলৈ আহি একাংশ ইছলাম ধৰ্মালম্বী লোক চৰম হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে । মাজ নিশালৈকে কোলাত কেঁচুৱা লৈ মহিলাসকল উপস্থিত থাকিল শুনানিত ।
চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙাপৰা পৰিদৰ্শন বাংলাত চলি থকা এন আৰ চিৰ শুনানিলৈ বহু দূৰ দূৰণিৰ পৰা শ শ ইছলাম ধৰ্মালম্বী পুৰুষ-মহিলা আৰু যুৱক-যুৱতীসকল আহি উপস্থিত হয় । উৎকট গৰমত মাজ নিশালৈকে ভোক-পিয়াহত শুনানিৰ বাবে অপেক্ষা কৰিবলগীয়া হয় এই লোকসকলে । মন কৰিবলগীয়া এই যে, এন আৰ চিৰ শুনানি চলি থকা পৰিদৰ্শন বাংলাটোত নাই কোনো খোৱা পানীৰ সু-ব্যৱস্থা লগতে বহিবৰ বাবেও নাই আসন । অন্ধকাৰৰ মাজত ভোক-পিয়াঁহত মহিলাসকল মাটিতেই থাকিবলগীয়া হৈছে । এন আৰ চি নামত এইদৰে চৰম হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰে শুনানিলৈ অহা লোকসকল ।
লগতে আন এটা বাতৰি- 83 ৰ শ্বহীদৰ আত্মীয় হ'লগৈ সন্দেহজনক নাগৰিক