ETV Bharat / state

Governor visits Tezpur: ৰাজ্যপাল কাটাৰিয়াৰ সেনাৰ চতুৰ্থ কৰ্পছৰ সৈতে বৈঠক

author img

By

Published : Jun 29, 2023, 9:43 PM IST

Updated : Jun 29, 2023, 9:50 PM IST

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ভাৰতীয় সেনাৰ তেজপুৰস্থিত গজৰাজ কৰ্পছ পৰিদৰ্শন কৰে । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এই কথা জানিবলৈ দিয়ে ।

assam governor tezpur visit
সেনাৰ চতুৰ্থ কৰ্পছৰ সৈতে ৰাজ্যপাল

তেজপুৰ, ২৯ জুন : অসমৰ ৰাজ্যপাল বৰ্তমান তেজপুৰত আছে ৷ দুদিনীয়া ভ্ৰমণসূচীৰে তেওঁ তেজপুৰলৈ গৈছে ৷ বৃহস্পতিবাৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ভাৰতীয় সেনাৰ তেজপুৰস্থিত গজৰাজ কৰ্পছত উপস্থিত হয় ৷ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে কয় যে ৰাজ্যপাল গৰাকীয়ে এই ভ্ৰমণৰ সময়ত চতুৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয়ত থকা যুদ্ধ স্মৃতিসৌধত মাল্যাৰ্পণ কৰি জাতিৰ বাবে শ্বহীদ হোৱা বীৰসকলক শ্ৰদ্ধাঞ্জলি জনায় ।

assam governor tezpur visit
ৰাজ্যপালৰ তেজপুৰ ভ্ৰমণ

সেনাৰ চতুৰ্থ কৰ্পছ পৰিদৰ্শন কালত সেনা বাহিনীৰ লগত এক বৈঠকত মিলিত হৈ সৈন্যবাহিনীৰ লোকসকলক সম্বোধন কৰাৰ সময়ত তেওঁ ভাৰতীয় সেনাৰ অৱদান আৰু গজৰাজ কৰ্পছৰ সৈন্যৰ সমৰ্পণ আৰু নিস্বাৰ্থ নিষ্ঠাৰ কথা উল্লেখ কৰে ৷ তেওঁলোকক তেওঁলোকৰ নিস্বাৰ্থ দেশ সেৱাৰ বাবে প্ৰশংসা কৰে । জাতি ৰক্ষাৰ ক্ষেত্ৰত আৰু দশক দশক ধৰি চলি থকা হিংসাৰ অন্তত অসমলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত সেনাৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে গুলাব চান্দ কাটাৰিয়াই । এলবাৰ্ট এক্কা অডিটৰিয়ামত তেজপুৰ মিলিটাৰী ষ্টেচনৰ সকলো ৰেংকক ভাষণ দিয়াৰ পিচত ৰাজ্যপালগৰাকীয়ে চাহৰ সময়ত সৈন্যৰ সৈতেও অনানুষ্ঠানিকভাৱে মত বিনিময় কৰে ।

assam governor tezpur visit
ৰাজ্যপালৰ তেজপুৰ ভ্ৰমণ

উল্লেখ্য যে ৰাজ্যপাল গৰাকীয়ে তেওঁৰ দুদিনীয়া ভ্ৰমণৰ বাবে বুধবাৰে তেজপুৰ লৈ আহে আৰু শোণিতপুৰৰ লগতে বিশ্বনাথৰ আৰক্ষীৰ লগতো এক বৈঠকত মিলিত হয় । নিশাটো তেওঁ তেজপুৰ সেনাৰ ঘাটিত কটাই বৃহপতিবাৰে সেনা বাহিনীৰ লগত বৈঠকৰ পিচতে চাহ মেলত ভাগ লয় । সুৰক্ষা বাহিনীৰ লগত হোৱা বৈঠকত ৰাজ্যপালগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা সেনা বাহিনীৰ বিষয়াসকলৰ বিষয়ে আলোচনা কৰে । পৰৱৰ্তী সময়ত সাংবাদিকসকলক আন্তঃৰাষ্ট্ৰীয় সীমান্তত গৈ সেনা বাহিনীৰ লগত বাৰ্তালাপ কৰিব বুলি জানিবলৈ দিয়ে ।

assam governor tezpur visit
সেনাৰ চতুৰ্থ কৰ্পছৰ সৈতে ৰাজ্যপাল

লগতে পঢ়ক : Governor visits Tezpur: তিব্বত অৰ্থাৎ চীনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সমস্যা আজিও আছে; ৰাজ্যপাল কাটাৰিয়া

Last Updated : Jun 29, 2023, 9:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.