ETV Bharat / state

ঢেকিয়াজুলিত বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ প্ৰতিকৃতি উন্মোচন

author img

By

Published : Jan 22, 2021, 9:37 PM IST

ঢেকিয়াজুলিৰ শ্বহীদ দয়াল দাস পাণিকা খেল পথাৰৰ সমীপত ধৰতী আবা বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ প্ৰতিকৃতি উন্মোচন ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ মুৰ্তিটো ৷ অনুষ্ঠানত উপস্থিত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷

assam-cm-visit-sonitpur-dhekiyajuli
ঢেকিয়াজুলিত বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ প্ৰতিকৃতি উন্মোচন

শোণিতপুৰ, 22 জানুৱাৰী : শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শ্বহীদ দয়াল দাস পাণিকা খেল পথাৰৰ সমীপত ধৰতী আবা বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ প্ৰতিকৃতি উন্মোচন কৰে ৷ শ্বহীদ দয়াল দাস পানিকা খেল পথাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত মাতৃভূমিৰ পৱিত্ৰ শ্ল'গান 'ভাৰত মাতা কি জয়' ধ্বনিৰে ভাষণ আগবঢ়াই কয় যে, ঢেকিয়াজুলি সমষ্টিৰ ৰাইজ সাহসী আৰু দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষ অৱদান আছে । সমষ্টিৰ ৰাইজে দেশ স্বাধীন কৰাৰ ক্ষেত্ৰত বিশেষ বলিদান আগবঢ়াই আহিছে । বিৰছা মুণ্ডা দেশৰ বাবে আদৰ্শ । বিৰছা মুণ্ডাৰ অৱদান সদায় ৰাইজে মনত ৰাখিব । আমাৰ কাৰ্যকালত সকলোকে সমানে মৰ্যাদা প্ৰদান কৰি আহিছো । চাৰে চাৰি বছৰ কাৰ্যালয়ত বিজেপি চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো সমসষ্টি উন্নত সাধন কৰি আহিছো । বিৰোধীয়ে অনাহকত আমাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ তুলি আহিছে । কংগ্ৰেছে মহাজোঁট যিমানেই নকৰক কিয় কংগ্ৰেছে ৰাইজৰ হৃদয় জয় কৰিব নোৱাৰে । ৰাইজৰ মাজত বিজেপি দলটোৰ আস্থা আৰু বিশ্বাস গঢ় লৈ উঠিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

মুখ্যমন্ত্ৰী সোণোৱালৰ মন্তব্য

ইফালে, মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত জনায় যে, ঐতিহ্যমণ্ডিত ঢেকিয়াজুলিলৈ আহি প্ৰথমতে শ্বহীদ স্তম্ভত বন্তি প্ৰজ্বলন কৰি 1942 চনত ভাৰতৰ স্বাধীনতা আন্দোলনত ঢেকিয়াজুলি থানাত বৃটিছৰ জেক নমাই পতাকা উত্তোলন কৰিবলৈ আহি যিসকল বীৰ-বীৰাংগণাই প্ৰাণ আহুতি দিলে সেইসকল বীৰ শ্বহীদৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে ঐতিহ্যমণ্ডিত পুৰণি থানাখন পুৰাতাত্বিক বিভাগৰ দ্বাৰা সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি কোৱাৰ লগতে মৈত্ৰী আঁচনিৰ অধীনত ঢেকিয়াজুলি থানাখন নতুন ৰূপত গঢ় দিয়া হৈছে বুলি জনাই ভগৱান বিৰছা মুণ্ডাৰ এটি প্ৰতিকৃতিও উন্মোচন কৰা হয় ।

লগতে পঢ়ক : প্ৰতিবাদস্থলীলৈ যোৱা শিক্ষক বাধা প্ৰদান কলগাছিয়া আৰক্ষীৰ

গতিকে, ঢেকিয়াজুলি সমষ্টি অসমৰ সমাজ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ক’লে, এইখন সমাজ সংগ্ৰামী সমাজ, এইখন সমাজে দশক দশক ধৰি দেশৰ বাবে সমৰ্পিত হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি ৰাষ্ট্ৰধৰ্ম পালন কৰি আহিছে ৷ দেশ নিৰ্মাণৰ কামত বলিষ্ঠভাৱে আত্মনিয়োগ কৰি আহিছে । এখন কৰ্মোদ্যমী সাংস্কৃতিক সমাজ, এইখন সমাজে অসমৰ জাতীয় জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে । এই ঢেকিয়াজুলিত যি সমন্বয় আছে, এই সমন্বয়ে অসমখন শক্তিশালী কৰাত বিশেষভাৱে ইন্ধন যোগাইছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

আনহাতে, ঢেকিয়াজুলিক মহকুমা ঘোষণা কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ ল’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আমি সকলো অঞ্চলৰ ৰাইজৰ বাবে শ্ৰদ্ধাশীল হৈ কাম কৰি আছো । আমি প্ৰত্যেকখন সমাজক সমান্তৰালভাৱে আগবঢ়াই নিবলৈ চেষ্টা চলাই আহিছো বুলি কৈ আশ্বাস প্ৰদান কৰে । ৰাজহুৱা সভাত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহল, বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে 15 সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক : ৰাইজৰ দল আৰু AJPক মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান বদৰুদ্দিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.