ETV Bharat / state

Caste certificate distribution : ঢেকিয়াজুলিৰ ১,০৯৬ গৰাকী শিক্ষাৰ্থীক জাতিগত প্ৰমাণ-পত্ৰ প্ৰদান

'মিছন ভূমিপুত্ৰ'ৰ অধীনত ঢেকিয়াজুলিৰ ১,০৯৬ গৰাকী শিক্ষাৰ্থীক জাতিগত প্ৰমাণ-পত্ৰ প্ৰদান মন্ত্ৰী অশোক সিংঘালৰ (Ashok Singhal distributes caste certificate)। সমষ্টিটোৰ মুঠ ২০৪ খন বিদ্যালয়ৰ ৯,২৩২ গৰাকী শিক্ষাৰ্থীয়ে আবেদন কৰিছিল । 'বিদ্যাঞ্জলী-২.০'ৰ অধীনত সমষ্টিটোত ৬০০ খন বিদ্যুৎ চালিত পাংখা শিক্ষানুষ্ঠানসমূহৰ মাজত বিতৰণ কৰে ।

Caste certificate distribution
ঢেকিয়াজুলিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ
author img

By

Published : Dec 3, 2022, 6:13 PM IST

তেজপুৰ, ৩ ডিচেম্বৰ : ৰাজ্যৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক জাতিগত প্ৰমাণ-পত্ৰ প্ৰদানৰ উদ্দেশ্যে চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে । মিছন ভূমিপুত্ৰৰ অধীনত ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীক এই প্ৰমাণ-পত্ৰ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে চৰকাৰে (Mission Bhumiputra of Assam Govt) । তাৰ অংশস্বৰূপে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে শনিবাৰে 'মিছন ভূমিপুত্ৰ'ৰ অধীনত তেওঁৰ নিজৰ সমষ্টি ঢেকিয়াজুলিৰ ১,০৯৬ গৰাকী শিক্ষাৰ্থীৰ মাজত আনুষ্ঠানিকভাৱে জাতিগত প্ৰমাণ-পত্ৰ বিতৰণ কৰে (Ashok Singhal distributes caste certificate)।

Caste certificate distribution
ঢেকিয়াজুলিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংঘালৰ

ৰাজ্য চৰকাৰৰ এক অভিলাসী পদক্ষেপ 'মিছন ভূমিপুত্ৰ'ৰ অধীনত মন্ত্ৰীগৰাকীয়ে স্থানীয় ত্ৰিমূৰ্তি প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত সমষ্টিটোৰ ৩৩ খন বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী তথা অতি অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত শিক্ষাৰ্থীসকলক জাতিগত প্ৰমাণ-পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে এই আঁচনিৰ অধীনত জাতিগত প্ৰমাণ-পত্ৰৰ বাবে সমষ্টিটোৰ মুঠ ২০৪ খন বিদ্যালয়ৰ ৯,২৩২ গৰাকী শিক্ষাৰ্থীয়ে আবেদন কৰিছিল ।

আনহাতে 'বিদ্যাঞ্জলী-২.০'ৰ অধীনত শিক্ষানুষ্ঠানসমূহলৈ আগবঢ়োৱা বৰঙণি কাৰ্যসূচীৰ লগত সংগতি ৰাখি মন্ত্ৰী সিংঘালে সমষ্টিটোত ৬০০ খন বিদ্যুৎ চালিত পাংখা শিক্ষানুষ্ঠানসমূহৰ মাজত বিতৰণ কৰে (Assam Vidyanjali 2 scheme)। বিদ্যালয়সমূহৰ শৈক্ষিক আন্তঃগাঁথনিৰ উন্নয়ন সাধনত এই পদক্ষেপে বিশেষভাৱে অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ।

ইয়াৰ উপৰিও, বিশ্ব দিব্যাঙ্গ দিৱসৰ (International Day of Disabled Persons 2022) লগত সংগতি ৰাখি মন্ত্ৰী সিংঘালে ঢেকিয়াজুলি সমষ্টিৰ চিৰাজুলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সুদীপ্ত ভৌমিকক "বিশেষভাৱে সক্ষম শিশুৰ বাবে প্ৰেৰণা বঁটা-২০২২" আগবঢ়ায় । লগতে একে বিদ্যালয়ৰে শিক্ষয়িত্ৰী গীতাৱলী ডেকাক "বিশেষ ভাৱে সক্ষম শিশুৰ বাবে প্ৰেৰণা আদৰ্শ শিক্ষক বঁটা-২০২২" আনুষ্ঠানিকভাৱে প্ৰদান কৰে । নিজৰ বক্তব্যত তেওঁ বঁটা বিজয়ী শিক্ষাৰ্থীগৰাকীৰ লগতে আদৰ্শৱান শিক্ষয়িত্ৰীগৰাকীকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে । বিশ্ব দিব্যাঙ্গ দিৱস উপলক্ষে মন্ত্ৰীগৰাকীয়ে শনিবাৰে আন ৫ গৰাকী বিশেষভাৱে সক্ষম শিশুকো জাতিৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক :Rang ghar National Drama Festival: কাছবা অৰ্ঘ্যৰ দুখনকৈ নাটকে মন্ত্ৰমুগ্ধ কৰিলে দৰ্শকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.