ৰঙাপৰা, 28 জুলাইঃ ঘৰুৱা কণ্ডলৰ পৰিণতি স্বৰূপে পতিৰ হাতত পত্নীৰ মৃত্যু হোৱা এক ঘটনা সংঘটিত হয় শোণিতপুৰ জিলাৰ ৰঙাপৰাত। প্ৰাপ্ত তথ্য মতে, শুকুৰবাৰে নিশা ৰঙাপৰাৰ এটা আৱাসগৃহত ভাৰাতীয়া হিচাপে থকা সঞ্জীৱ বড়ো আৰু পত্নী ৰাধা সিং বড়োৰ মাজত নিশা প্ৰায় 9:30 মান বজাত কোনো কথাক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হয় । তাৰ পাছতেই সঞ্জীৱ বড়োৱে এটা কন্যা সন্তানৰ মাতৃ তথা তেওঁৰ পত্নীক পৰিকল্পিতভাৱে হত্যা কৰে আৰু ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে । উল্লেখযোগ্য যে, ৰঙাপৰা আৰক্ষী থানাত এজাহাৰ দিবলৈ আহি শোকত ভাগি পৰা মৃত ৰাধা সিং বড়োৰ মাতৃ বাণী সিঙে জনায় যে সঞ্জীৱ সিঙে পত্নীক প্ৰায়ে যৌতুকৰ নামত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায় আহিছিল । মাতৃৰ এই ভাষ্যৰ পিছতেই ঘটনাটোৱে অন্য এক মোৰ লয় । হত্যাকৰী স্বামীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । স্থানীয় ৰাইজেও হত্যাকৰীজনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজক দাবী জনাইছে ।
যৌতুকৰ বাবেই পত্নীক হত্যা
ৰঙাপৰাত পত্নীক পৰিকল্পিত হত্য়া। হত্যাকাৰীক আটক আৰক্ষীৰ। যৌতুকৰ বাবে হত্যাৰ সন্দেহ।