ETV Bharat / state

দুৰ্লভ প্ৰজাতিৰ বিশেষ পক্ষী সংৰক্ষণেৰে চৰ্চাত অৰুণাচলৰ বিশেষ সম্প্ৰদায় - অৰুণাচল প্ৰদেশ

Bugun Liocichla Bird : অৰুণাচল প্ৰদেশৰ এক বিশেষ সম্প্ৰদায়ে সংৰক্ষণ কৰি ৰাখিছে দুৰ্লভ প্ৰজাতিৰ চৰাই ৷ ১৯৯৫ চনত প্ৰথমবাৰৰ বাবে অঞ্চলটোত দেখা গৈছিল দুৰ্লভ চৰাইবিধ ৷ ৭৭ সংখ্যক গণৰাজ্য দিৱসত দেশবাসীৰ সন্মুখত অৰুণাচলৰ বিশেষ সম্প্ৰদায়টোৱে দাঙি ধৰিব দুৰ্লভ প্ৰজাতিৰ চৰাইবিধৰ পৰিচয় ।

Bugun Liocichla Bird
দুৰ্লভ প্ৰজাতিৰ বিশেষ পক্ষী সংৰক্ষণেৰে চৰ্চাত অৰুণাচলৰ বিশেষ সম্প্ৰদায়
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 7:52 PM IST

দুৰ্লভ প্ৰজাতিৰ বিশেষ পক্ষী সংৰক্ষণেৰে চৰ্চাত অৰুণাচলৰ বিশেষ সম্প্ৰদায়

তেজপুৰ, ১০ জানুৱাৰী : যি সময়ত অসমত উন্নয়নৰ নামত জধে-মধে গছ-গছনি কাটি তহিলং কৰিছে চৰকাৰে, সেই একে সময়তে অৰুণাচল প্ৰদেশৰ এটা সম্প্ৰদায়ৰ নামত এখন বনাঞ্চল গঢ় লৈ উঠিছে । পশ্চিম অৰুণাচল প্ৰদেশৰ ১০ হাজাৰ ফুট উচ্চতাৰ পাহাৰীয়া অঞ্চলৰ এটা বিশেষ সম্প্ৰদায়ৰ দ্বাৰা Bugun নামৰ বনাঞ্চলখন গঢ় লৈ উঠিছে ।

উদ্দেশ্য প্ৰকৃতি ৰক্ষা, বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণৰ মূলমন্ত্ৰৰে অৰুণাচল প্ৰদেশৰ উত্তৰ-পূব ভাৰত ৰাজ্যত আজি এটা সামূহিক সংৰক্ষিত বনাঞ্চল ব্যৱস্থাপনা চলি আহিছে। বনাঞ্চলখন গঢ় দিয়া ১১ গৰাকী লোকে দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত দেশবাসীৰ সন্মুখত Bugunৰ পৰিচয় দাঙি ধৰিবলৈ দিল্লীৰ অভিমুখে যাত্ৰা কৰিছে ।

উল্লেখ্য যে ২০১৭ চনত অৰুণাচল প্ৰদেশৰ এগৰাকী প্ৰাক্তন ৰাজনীতিবিদ, প্ৰাক্তন কৃষিমন্ত্ৰী তথা কমিউনিটি ৰিজাৰ্ভৰ প্ৰতিষ্ঠাপক নৰেশ গ্ল'ৱে বনাঞ্চলখন গঢ় দিয়ে । প্ৰকৃতিপ্ৰেমীগৰাকীয়ে নিজৰ এক বৃহৎ এলেকাৰ ভূমি প্ৰকৃতি সংৰক্ষণৰ বাবে দান দিয়ে ৷ য’ত চৰাই আৰু জৈৱ বৈচিত্যৰ সংৰক্ষণ হৈ আছে সম্প্ৰতি ৷

উল্লেখ্য যে হিম চেঁচা টেংগা উপত্যকাৰ পশ্চিম কামেং জিলাৰ ছিংচুং মহকুমাত অৱস্থিত ছিংচুং বোগোন নামৰ গাঁওখনত ছিংচুং বোগোন ভিলেইজ কমিউনিটি ৰিজাৰ্ভ নামৰ এখন পৰিচালনা সমিতি আছে৷ উক্ত সমিতিখনত মুখ্য পৃষ্ঠপোষক, অধ্যক্ষককে ধৰি মুঠ ১১ গৰাকী সদস্য আছে । সমিতিখনত দুগৰাকী মহিলাকে ধৰি ১০ গৰাকী বনকৰ্মী আছে আৰু তেওঁলোকে ৰাজ্য চৰকাৰৰ পৰা মাহে ৮ হাজাৰ টকা আৰু সংস্থাটোৰ পৰা ২ হাজাৰকৈ পাৰিশ্ৰমিক লাভ কৰি আহিছে ৷

সমিতিখনে চোৱাচিতা কৰি থকা বুগুন নামৰ বনাঞ্চলখনৰ বাবে 2017ত শ্ৰেষ্ঠ সম্প্ৰদায় সংৰক্ষিত বঁটাও লাভ কৰাৰ উপৰিও ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী ইউএনডিপিৰ পৰা ২০১৮ চনত বন্যপ্ৰাণী প্ৰজাতিৰ সংৰক্ষণৰ বাবে শ্ৰেষ্ঠ ভাৰত জৈৱ বৈচিত্যৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ।

উল্লেখ্য যে বুগুন হ’ল পশ্চিম অৰুণাচল প্ৰদেশৰ ৩০০০ জনসংখ্যাৰ এটা সম্প্ৰদায় ৷ ১৯৯৫ চনত আৱিষ্কাৰত প্ৰথমবাৰৰ বাবে প্ৰজাতি বুগুন লিঅ'চিলা নামৰ এবিধ বিৰল চৰাই বিচাৰি পাইছিল আৰু ২০০৬ চনত নতুন প্ৰজাতি ঘোষণা কৰিছিল । ইয়াক প্ৰথমে অৰুণাচল প্ৰদেশৰ লামা শিবিৰত দেখা গৈছিল আৰু ইয়াৰ জনসংখ্যা কম হোৱাৰ বাবে আই ইউ চি এন তালিকাত বিপন্ন পক্ষী হিচাপে তালিকাভুক্ত কৰা হৈছিল । ইয়াৰ পৰিসৰ নিচেই তাকৰ । মুঠ ১৭ বৰ্গ কিলোমিটাৰ এলেকা যিটোৰ ভিতৰত অৰুণাচল প্ৰদেশৰ বন বিভাগৰ পৰা ৩০.৫ বৰ্গ কিলোমিটাৰ এলেকা বনাঞ্চলৰ আবেদন কৰিছে ৷

SBVCR ৰ প্ৰতিষ্ঠাপক সহ-মুখ্য পৃষ্ঠপোষক নৰেশ গ্ল'ৱে কয় যে, ‘‘ SBVCR কাৰ্যকলাপক সৰ্বোত্তম লক্ষ্যৰে প্ৰসাৰিত কৰাৰ মূল লক্ষ্য হৈছে এই সম্প্ৰদায়ক সকলো সময়তে সুৰক্ষা আৰু সংৰক্ষণ কৰা আৰু ২০০৬ চনত বুগুন লিঅ'চিলা চৰাইৰ আৱিষ্কাৰ কৰা হৈছিল । এই সমগ্ৰ বিষয় সামৰি এছ বি ভি চি আৰ আৰু ইয়াৰ কাৰ্যকলাপ আৰু কাম-কাজৰ সন্দৰ্ভত নৰেশ গ্ল'ৱে ইতিমধ্যে দুখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে ।’’

উক্ত তথ্য চিত্ৰখনৰ নাম অবিশ্বাস্য BUGUNS: এই চিনেমাখনত বুগুন জনজাতি, তেওঁলোকৰ পৰম্পৰা, সংস্কৃতি, ভাষা, উৎসৱ আৰু জীৱনশৈলী প্ৰদৰ্শন কৰা হৈছে । ইয়াৰ উপৰিও জৈৱ বৈচিত্য সুৰক্ষাৰ প্ৰতি সম্প্ৰদায়টোৰ দায়বদ্ধতাৰ ওপৰতো এক চৰ্চা জিলিকি উঠে । দ্বিতীয়খন হ'ল বন্যপ্ৰাণী- আমাৰ জীৱনৰ তেজ: এই ছবিখনে SBVCR দলৰ কাৰ্যকলাপ প্ৰদৰ্শন আৰু উজ্জ্বল কৰি দেখুৱা হৈছে । এছ বি ভি চি আৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে সমাজৰ জৈৱ বৈচিত্যক সুৰক্ষা আৰু সংৰক্ষণ কৰা ।

লগতে পঢ়ক: শোণিতপুৰ প্ৰশাসনৰ বিশেষ পদক্ষেপ, চাৰিশ বছৰীয়া স্তম্ভলিপি সংৰক্ষণৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.