ETV Bharat / state

জ্যোতি ভাৰতীত সংৰক্ষণ হ’ব পুৰোধা শিল্পীৰ অৱদান - artists contribution in jyoti bharati

শিল্পীৰ অৱদান সংৰক্ষণ হ’ব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ (Jyoti Prasad Agarwala) পৈত্ৰিক গৃহ জ্যোতি ভাৰতীত ৷ শিল্পীৰ অসংৰক্ষিত সমলক জীয়াই তোলাৰ বাবে পুঁজি ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে ৷ শিল্পীসকলৰ সকলো তথ্য ৱেবছাইট (Website)যোগে লাভ কৰিবলৈ সক্ষম হ’ব ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকল ৷

artists-contribution-to-be-reserved-in-jyoti-bharati
জ্যোতি ভাৰতীত সংৰক্ষণ হ’ব পুৰোধা শিল্পীৰ অৱদান
author img

By

Published : Jul 29, 2021, 10:00 PM IST

তেজপুৰ, 29 জুলাই : প্ৰসিদ্ধ গীতিকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা (Jyoti Prasad Agarwala)ৰ পৈত্ৰিক গৃহ পকীত বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা হ’ব অসমৰ পুৰোধা শিল্পীগৰাকীৰ অৱদানসমূহ ৷ কেৱল সংৰক্ষণ কৰাই নহয় শিল্পীসকলৰ সকলো তথ্য ৱেবছাইট (Website)যোগে লাভ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰী তথা গৱেষকসকলে ৷ 2021-22 বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট (Budget)ত শিল্পীসকলৰ সমলসমূহ সংৰক্ষণৰ বাবে বিশেষ পুঁজি ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে ৷

পকীত থকা ৰূপকোঁৱৰ, কলাগুৰু আৰু নটসূৰ্যৰ সমলসমূহৰ লগতে কেতবোৰ আলোকচিত্ৰৰ প্ৰকৃত সংৰক্ষণ আজি পৰ্যন্ত হোৱা নাই ৷ জয়মতীৰ পৰা আৰম্ভ কৰি যিসমূহ গ্ৰামোফোন (Gramophone) ৰেকৰ্ডৰ পাল্লা আছে, বৰ্তমান সেইসমূহো আছে অসংৰক্ষিত অৱস্থাত ৷ এতিয়াৰে পৰা সেই গীতসমূহ পুনৰুদ্ধাৰ কৰি সংৰক্ষণৰ কৰাৰ ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে ৷

জ্যোতি ভাৰতীত সংৰক্ষণ হ’ব পুৰোধা শিল্পীৰ অৱদান

লগতে পঢ়ক : ColorsTVত সম্প্ৰচাৰ হ’ব উত্তৰ-পূৱৰ ওপৰত আধাৰিত ধাৰাবাহিক ‘Nima Denzongpa’

উল্লেখ্য যে, জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰায় 600 গীত ৰচনা কৰিছিল ৷ তাৰ ভিতৰত 35 টা গীতৰহে স্বৰলিপি আছে । তেওঁৰ যিসমূহ গীতৰ এতিয়াও স্বৰলিপি নাই, তেনে 30 টা গীতৰ স্বৰলিপি ৰাজ্যৰ বিশেষজ্ঞসকলৰ দ্বাৰা সম্পাদন কৰা হ’ব ৷

ইয়াৰ লগতে আপুৰুগীয়া সমলসমূহ সংৰক্ষণৰ বাবে ৰূপকোঁৱৰৰ পৈত্ৰিক গৃহ পকীত নিৰ্মাণ কৰা হ’ব এটি সংগ্ৰহালয় ৷ চৰকাৰে ধন মুকলি কৰি দিলেই এই সংগ্ৰহালয় নিৰ্মাণৰ কাম আৰম্ভ হ’ব ৷ অসমৰ প্ৰসিদ্ধ শিল্পীসকলৰ সমলসমূহ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাইছে সমগ্ৰ অসমবাসীয়ে ৷

লগতে পঢ়ক : বিশিষ্ট লেখিকা ড৹ অনিমা গুহৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.