ETV Bharat / state

AWWA exhibition: তেজপুৰত আৰ্মী ৱাইভ ৱেলফাৰ এছচিয়েচনৰ প্ৰদৰ্শনী অনুষ্ঠান - Army Wives welfare Association

তেজপুৰত আৰ্মী ৱাইভ ৱেলফাৰ এছচিয়েচন (Army Wives welfare Association) ৰ অধীনত মহিলাসকলে প্ৰদৰ্শনী অনুষ্ঠান আয়োজন কৰে ৷

Army Wives welfare Association
তেজপুৰত আৰ্মী ৱাইভ ৱেলফাৰ এছচিয়েচনৰ প্ৰদৰ্শনী অনুষ্ঠান
author img

By

Published : Mar 11, 2023, 10:09 PM IST

তেজপুৰত আৰ্মী ৱাইভ ৱেলফাৰ এছচিয়েচনৰ প্ৰদৰ্শনী অনুষ্ঠান

তেজপুৰ, ১১ মাৰ্চ: আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে তেজপুৰত আৰ্মী ৱাইভ ৱেলফাৰ এছ’চিয়েচন (Army Wives welfare Association) ৰ অধীনত মহিলাসকলে নিজে প্ৰস্তুত কৰা সামগ্ৰীৰ এক প্ৰদৰ্শনী আয়োজন কৰে ৷ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে আয়োজন কৰা এই কাৰ্যসূচীত মহিলা উদ্যোগীসকলৰ বাবে ৱাকাথন, লেকচাৰ আৰু প্ৰদৰ্শনীৰ দৰে কেইবাটাও অনুষ্ঠানৰ ৰূপায়ণ কৰা হয় (Army Wives welfare Association exhibition) ।

উল্লেখ্য যে, সেনা পত্নী কল্যাণ সংস্থা হৈছে এক সংস্থা যি সেনা বাহিনীৰ লোকৰ পতি-পত্নী আৰু সন্তানৰ কল্যাণৰ বাবে কাম কৰে । ১৯৬৬ চনৰ ২৩ আগষ্টত ৱেলফেয়াৰ চছাইটি হিচাপে সেনা পত্নী কল্যাণ সংস্থা পঞ্জীয়ন কৰা হৈছিল ৷ দিন বাগৰি যোৱাৰ লগে লগে এই সংস্থাৰ পৰিসৰ আৰু উপলব্ধতা বৃদ্ধি পায় ৷ সম্প্ৰতি এই সংস্থা ভাৰতৰ অন্যতম বৃহৎ বেচৰকাৰী সংস্থা হিচাপে পৰিগণিত কৰা হয় ৷

সেনা পত্নী কল্যাণ সংস্থাই ( AWWA) মহিলা উদ্যোগীসকলক ইয়াৰ অফিচিয়েল ৱেবছাইট www.awwa.org.in পঞ্জীয়ন কৰি সবলীকৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।

উক্ত প্ৰদৰ্শনীৰ উদ্দেশ্য আছিল তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ তেজপুৰ চহৰৰ সাধাৰণ জনতাৰ সন্মুখত প্ৰদৰ্শন কৰা ৷ 'শশ্বত শ্ৰীজন' শীৰ্ষক উক্ত প্ৰদৰ্শনীৰ বাবে তেজপুৰ, টেংগা, মিছামাৰী, ৰঙিয়া আৰু উমৰইৰ লগতে বিভিন্ন স্থানৰ মহিলা উদ্যোগীসকল তেজপুৰস্থিত ৰুক্মিণী ভৱনত একত্ৰিত হয় । প্ৰদৰ্শনীখনত প্ৰদৰ্শন কৰা সামগ্ৰীসমূহৰ ভিতৰত আছিল গহনা, পেইণ্টিং, ডিকোউপেজ, প্ৰসাধন সামগ্ৰী, ঘৰ সজোৱা সামগ্ৰী ইত্যাদি ৷

শোণিপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ পত্নী সুজাতা মিশ্ৰই প্ৰদৰ্শনীখন উদ্বোধন কৰে । প্ৰদৰ্শনীখনত সেনাৰ গজৰাজ কৰ্পচ পৰিয়ালৰ উদ্যোগী মহিলাসকলে বিশেষ উদ্যোগ হাতত লয় ৷ স্থানীয় মহিলাসকলৰ সৈতে সেনা বাহিনীৰ লোকৰ পৰিয়ালৰ ঘনিষ্ঠতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি ভাৰত সেনাই উক্ত অনুষ্ঠানটোৰ আয়োজন কৰে বুলি সদৰী কৰে ৷

লগতে পঢ়ক: New Band of Assam Police: অসমীয়া থলুৱা লোকবাদ্যৰে অসম আৰক্ষীয়ে মুকলি কৰিব নতুন বেণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.