ETV Bharat / state

অৰুণাচল প্ৰদেশৰ চিয়ম নদীৰ বুকুত আৱদ্ধ হৈ পৰা মহিলাক উদ্ধাৰ - ভাৰতীয় সেনা

ভাৰতীয় সেনাৰ এটি দলে অৰুণাচল প্ৰদেশৰ চিয়ম নদীত আৱদ্ধ হৈ পৰা দুগৰাকীকৈ মহিলাক উদ্ধাৰ কৰে ৷ হঠাত চিয়ম নদীৰ পানী বাঢ়ি অহাত আৱদ্ধ হৈ পৰিছিল মহিলা দুগৰাকী ৷

Army rescue_teo women
অৰুণাচল প্ৰদেশৰ চিয়ম নদীৰ বুকুত আৱদ্ধ হৈ পৰা মহিলাক উদ্ধাৰ
author img

By

Published : Nov 5, 2020, 7:38 PM IST

তেজপুৰ,৫ নৱেম্বৰ : ভাৰতীয় সেনাৰ এটি দলে অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ চিয়ম নদীত আৱদ্ধ হৈ পৰা দুগৰাকীকৈ মহিলাক উদ্ধাৰ কৰে ৷ হঠাত চিয়ম নদীৰ পানী বাঢ়ি অহাত আৱদ্ধ হৈ পৰিছিল মহিলা দুগৰাকী ৷ ভাৰতীয় সেনাৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল পো শুংচাই মহিলা দুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

Army rescue_teo women
অৰুণাচল প্ৰদেশৰ চিয়ম নদীৰ বুকুত আৱদ্ধ হৈ পৰা মহিলাক উদ্ধাৰ

স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, হঠাৎ চিয়ম নদীৰ পানী বাঢ়ি আহে আৰু নদীৰ বুকুত আৱদ্ধ হৈ পৰে মহিলা দুগৰাকী ৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ সেনাৰ দলক খবৰ দিয়ে আৰু সেনাৰ দলটোৱে অভিযান আৰম্ভ কৰি মহিলা দুগৰাকী উদ্ধাৰ কৰে ৷ ৰাফটিঙৰ সামগ্ৰী আৰু টিউব লৈ অভিজান চলায় নদীৰ মাজৰ পৰা উদ্ধাৰ কৰা হয় মহিলা দুগৰাকীক ৷

উল্লেখযোগ্য যে, চলিত বৰ্ষতে অৰুণাচল প্ৰদেশৰ চিয়াং আৰু পশ্চিম চিয়াং জিলাৰ কেবাটাও অঞ্চলত এনেধৰণৰ হঠাৎ অহা পানীৰ বাবে কেইবাজনো লোক সন্ধানহীন হৈছিল ৷

অন্য এক খবৰৰ বাবে: কামপুৰত মধ্যাহ্ন ভোজনৰ চাউল বিতৰণত বিসংগতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.