ETV Bharat / state

Army officer detained from Tezpur: হত্যাৰ গোচৰত ভাৰতীয় সেনাৰ মিছন চাৰিআলিৰ চতুৰ্থ ক'ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰক আটক - মহিলাৰ মৃতদেহ

15 ফেব্ৰুৱাৰীত চাংচাৰিত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত আগবাঢ়িছে আৰক্ষীৰ তদন্ত ৷ মহিলাগৰাকীৰ হত্যাৰে জড়িত থকাৰ সন্দেহত আটক কৰা হৈছে এগৰাকী সেনা বিষয়া ৷ সেনা বিষয়াগৰাকী তেজপুৰৰ মিছন চাৰিয়ালিৰ চতুৰ্থ ক'ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফ্টেনেণ্ট কৰ্ণেল এ এছ ৱালিয়া ৷

Army officer detained from Tezpur
হত্যাৰ গোচৰত ভাৰতীয় সেনাৰ মিছন চাৰিয়ালিৰ চতুৰ্থ ক'ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰক আটক
author img

By

Published : Feb 25, 2023, 1:53 PM IST

হত্যাৰ গোচৰত ভাৰতীয় সেনাৰ মিছন চাৰিয়ালিৰ চতুৰ্থ ক'ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰক আটক

তেজপুৰ, 25 ফেব্ৰুৱাৰী: হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত ভাৰতীয় সেনাৰ তেজপুৰৰ মিছন চাৰিআলিৰ চতুৰ্থ ক'ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰক আটক ৷ শুকুৰবাৰে চাংচাৰি আৰক্ষীয়ে তেজপুৰৰ পৰা আটক কৰে প্ৰতিৰক্ষা মুখপাত্ৰগৰাকীক ৷ আটক হোৱা সেনা বিষয়াগৰাকীৰ নাম লেফ্টেনেণ্ট কৰ্ণেল এ এছ ৱালিয়া (Army officer detained from Tezpur) ৷

শোণিতপুৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে শুকুৰবাৰে নিশা এ এছ ৱালিয়াক চাংচাৰি আৰক্ষীয়ে আটক কৰাৰ কথা সদৰী কৰিছে সংবাদমাধ্যমৰ আগত ৷ উল্লেখ্য যে, যোৱা 15 ফেব্ৰুৱাৰীত কামৰূপ জিলাৰ চাংচাৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰা হৈছিল এগৰাকী মহিলাৰ মৃতদেহ (Woman body recovered at Changsari) ৷ মৃতদেহ উদ্ধাৰ কৰাৰ পাচত আৰক্ষীয়ে মহিলাগৰাকী তামিলনাডুৰ বুলি জানিব পাৰে ৷ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত ৰাখে তদন্ত ৷

পৰৱৰ্তী পৰ্যায়ত মহিলাগৰাকীৰ ডিঙিত থকা এটা লকেটৰ ওপৰত ভিত্তি কৰি আটক কৰে লেফ্টেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াক ৷ আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি বন্দ্য শ্ৰী নামৰ তামিলনাডুৰ মহিলাগৰাকী তেজপুৰ সেনা চাউনিত বহুদিন ধৰি আছিল ৷ লগতে মহিলাগৰাকীয়ে পৰিধান কৰি থকা লকেটটো দক্ষিণ ভাৰতৰ এটা মন্দিৰৰ পৰা লেফ্টেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াৰ নামত ক্ৰয় কৰা বুলি তথ্য লাভ কৰে আৰক্ষীয়ে (Woman found dead at Changsari) ৷

ইয়াৰ পাচতেই সেনা বিষয়া তথা প্ৰতিৰক্ষা মুখপাত্ৰ লেফ্টেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াক আটক কৰে চাংচাৰি আৰক্ষীয়ে ৷ উল্লেখ্য যে, মহিলাগৰাকীয়ে নিজৰ সন্তানক ৰে’লৰে হাওৰালৈ পঠিয়াবলৈ গুৱাহাটীলৈ আহিছিল বুলি উল্লেখ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে সেনা বিষয়াগৰাকী জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Assam Taekwondo coach died: টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাৰ শেষকৃত্য সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.