ETV Bharat / state

নাগালেণ্ডত উদ্ধাৰ বৃহৎ সংখ্যক মাৰণাস্ত্ৰ - নাগালেণ্ডৰ কহিমা

এক বিশেষ তথ্যৰ ভিত্তিত অভিযান চলাই অসম ৰাইফলছে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷

নাগালেণ্ডত উদ্ধাৰ বৃহৎ সংখ্যক মাৰণাস্ত্ৰ

author img

By

Published : Jul 11, 2020, 4:43 PM IST

তেজপুৰ, 11জুলাই: কেন্দ্ৰীয় চৰকাৰে শেহতীয়া কৈ উত্তৰ পূৰ্ৱাঞ্চলৰ বিদ্ৰোহী সংগঠন সমূহৰ বিৰুদ্ধে লোৱা এক সিদ্ধান্তৰ লগে লগেই আৰম্ভ হৈছে উগ্ৰপন্থী বিৰোধী অভিযান । যোৱা ২৪ ঘণ্টাৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ সীমান্ত আৰু নাগালেণ্ডত অসম ৰাইফলছৰ হাতত ৬ জন এন এছ চি এন ৰ বিদ্ৰোহী সদস্য নিহত হয় ৷ ইয়াৰ পাচতে নাগালেণ্ডৰ ক’হিমাৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ শস্ত্ৰৰ ঘাটি উদ্ধাৰ কৰে অসম ৰাইফলছৰ দলটোৱে । এক বিশেষ তথ্যৰ ভিত্তিত অসম ৰাইফলছে যোৱা নিশা এই অভিযান চলায় ৷

Arms recovered by assam rifales
উদ্ধাৰহোৱা অস্ত্ৰ-শস্ত্ৰ সমূহ

উদ্ধাৰ হোৱা অস্ত্ৰ সমূহৰ ভিতৰত আছে তিনিটা 60 mm মৰ্টাৰ বোমা, দুটা M-60 এন্টি টেঙ্ক ৰাইফল গ্ৰেণেড, 390 ৰাউণ্ড 7.62 mm স্নাইপাৰ, 7.62 mm পিষ্টলৰ 109 জাঁই সজীৱ গুলী, AK -47, 3 কেজি PEK বিস্ফোৰক আৰু এটা AK-47 ৰাইফলৰ মেগজিন ৷ ইতিমধ্যে এই উদ্ধাৰ কৰা সামগ্ৰী সমূহ কহিমা আৰক্ষীক গতাই দিয়ে সেনাৰ দলটোৱে ।

লগতে পঢ়কঃ সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীৰ সামগ্ৰিক স্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.