ETV Bharat / state

দৰিদ্ৰতা হেঙাৰ হৈ থিয় দিছে অসমৰ এগৰাকী পাঞ্জা খেলুৱৈৰ সন্মুখত - Inter state arm wrestling championship Goa

আৰ্থিক দৈন্যতাৰ বাবেই আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে চতিয়াৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ ৷ পেট্ৰ’ল পাম্প, ৰেষ্টোৰেণ্টত কাম কৰি অৰ্থ উপাৰ্জন কৰা খেলুৱৈগৰাকীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত ৫ বাৰকৈ সোণৰ পদক অৰ্জন কৰিছে ৷ ৭ বাৰকৈ আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে মনোনীত হৈও অৰ্থৰ অভাৱৰ বাবেই যোগদান কৰাৰ পৰা বঞ্চিত হৈছে চতিয়াৰ জোনালী শইকীয়া (Arm wrestler from Assam) ৷

Arm wrestler from Assam
দৰিদ্ৰতা হেঙাৰ হৈ থিয় দিছে অসমৰ এগৰাকী পাঞ্জা খেলুৱৈৰ সন্মুখত
author img

By

Published : May 13, 2022, 5:24 PM IST

Updated : May 13, 2022, 5:52 PM IST

তেজপুৰ, ১৩ মে': ৰাষ্ট্ৰীয় পৰ্যায়ত ৫ বাৰকৈ সোণৰ পদক অৰ্জন কৰা অসমৰ এগৰাকী মহিলা পাঞ্জা খেলুৱৈয়ে অৰ্থৰ অভাৱত ৭ বাৰ কৈ বঞ্চিত হ’ল আন্তঃ ৰাষ্ট্ৰীয় খেলত যোগদান কৰাৰ পৰা । মনত অদম্য হেঁপাহ লৈ দৰিদ্ৰতাক নেওচি পুনৰ অসমৰ হৈ ৮০ কেজি ওজনৰ শাখাত আন্তঃৰাজ্যিক পাঞ্জা খেললৈ সাজু হৈছে চতিয়াৰ জোনালী শইকীয়া (Arm wrestler from Assam)৷

যিটো সময়ত অসম তথা ভাৰতবৰ্ষৰ খেলুৱৈসকলৰ বাবে চৰকাৰে বিভিন্ন সহায় তথা আঁচনিৰ জৰিয়তে অৰ্থৰ অভাৱত পৰা খেলুৱৈসকলক সকাহ দিছে সেই সময়তে বিশ্বনাথ জিলাৰ চতিয়াৰ খনাগুৰিৰ জোনালী শইকীয়াই চৰকাৰৰ সহায় তথা খেলুৱৈৰ সন্মানৰ পৰাও বঞ্চিত হৈ আছে । ১৯৮৪ চনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰি অসম তথা তেতিয়াৰ শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছিল জোনালী (Arm wrestler Junali Saikia)।

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জোনালী শইকীয়াই জনায় যে, আৰ্থিক দৈন্যতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰাৰ পৰা তেও বহুবাৰ বঞ্চিত হৈছে । বিগত সময়চোৱাত চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় লাভ কৰিবলৈ তেও সক্ষম হোৱা নাই । খেলত পদক অৰ্জন কৰাৰ পাছত ক্ৰীড়া বিভাগৰ পৰা সম্বৰ্ধনাতেই সীমাবদ্ধ হৈ পৰে । প্ৰতিখন খেলত অংশগ্ৰহণ কৰিবৰ বাবে যাতায়তৰ খৰছ ২০-২৫ হাজাৰ টকাৰ প্ৰয়োজন হয় আৰু সেয়া অন্যৰ সহায়ৰ অবিহনে সম্ভৱ হৈ নুঠে বুলি তেওঁ মন্তব্য কৰে ।

উল্লেখ্য যে, ৯০ ৰ দশকৰ পৰা তেজপুৰ অসমীয়া ক্লাৱৰ হৈ খেলি আহিছিল জোনাকী শইকীয়াই (Asomiya Club Tezpur)। ৰাষ্ট্ৰীয় পৰ্যায়ত পাঁচ বাৰকৈ সোণৰ পদক অৰ্জন কৰিবলৈও সক্ষম হৈছিল চতিয়াৰ জোনালী শইকীয়া ৷ আনহাতে ২০১৪ চনত পঞ্জাৱত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পাঞ্জা খেলত অসমৰ হৈ সোণৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছিল জোনালীয়ে । কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ বাবে দেশৰ বাহিৰত অনুষ্ঠিত এখনো আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব নোৱাৰিলে খেলুৱৈগৰাকীয়ে ।

মুঠ ৭ বাৰকৈ আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে মনোনীত হোৱা জোনালীয়ে অৱশেষত স্থানীয় এটা পেট্ৰ’ল পাম্পত কাম কৰি নিজৰ উপাৰ্জনৰ পথ বাছি লৈছিল৷ কিন্তু সময়ত সেই পেট্ৰ’ল পাম্পটো বন্ধ হৈ পৰাত সম্প্ৰতি কন্যাকা ৰেষ্টোৰেণ্টত কৰ্মৰত হৈ আছে জোনালী । জোনালী এতিয়া পুনৰ সাজু হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিবলৈ । অহা ১৮-১৯ মে' ত গোৱাত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাজ্যিক পাঞ্জা খেলত ৮০ কেজি ওজনৰ শাখাত অংশগ্ৰহণ কৰিব (Inter state arm wrestling championship Goa)। একমাত্ৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পৰা জোনালীয়ে খেলিবলৈ যোৱা সকলো সুবিধা লাভ কৰা বুলি জানিবলৈ দিছে ।

লগতে পঢ়ক: ১০ বাৰকৈ এভাৰেষ্ট আৰোহণ কৰি অভিলেখ গঢ়িলে নেপালী লাকপাই

Last Updated : May 13, 2022, 5:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.