তেজপুৰ, 28 জুন: সংবাদমেল যোগে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷ দেওবাৰে তেজপুৰত এখন সংবাদেমেলৰ আয়োজন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক কেইবাটাও প্ৰশ্ন কৰে ৰিপুন বৰাই ৷ লগতে দেশবাসীকো প্ৰধানমন্ত্ৰী গৰাকীক এই সমুহ প্ৰশ্ন সুধিবলৈ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে ৷
সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, "প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখৰ চীনা আগ্ৰাসনৰ কথা জনসাধাৰণৰ পৰা লুকুৱাইছে । ভিতৰি চীনৰ লগত মিতিৰালি কৰি চীনৰ পৰা অৰ্থ সাহাৰ্য গ্ৰহণ কৰি আছে ভাৰত চৰকাৰে ৷ শেহতীয়াকৈ চীনৰ "হোৱেই" নামৰ এটা কোম্পানীৰ পৰা 7 কোটি, আৰু "টিক টক"ৰ পৰা 30 কোটি ধন সংগ্ৰহ কৰিছে মোডী চৰকাৰে ৷
লগতে অপ' মোবাইল কোম্পানীৰ পৰা পৰা এক কোটি টকা সংগ্ৰহ কৰিছে ভাৰত চৰকাৰে" ৷ আনহাতে যোৱা 20 মে' তাৰিখে ভাৰত চৰকাৰে চীনা চৰকাৰৰ পৰা 9,678 কোটি ধন সংগ্ৰহ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ লগতে পি এম কেয়াৰ ফাণ্ডত জমা হোৱা ধনৰ হিচাপ আৰু খৰচ ৰাজহুৱা কৰাৰ আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷
লগতে পঢ়কঃ সেনা-আৰক্ষীৰ যুটীয়া অভিযানত পিডিচিকেৰ এৰিয়া কামাণ্ডাৰ ধৃত