তেজপুৰ, 16 জুলাই : শুকুৰবাৰে পুৱা অসমত পুনৰ অনুভূত হয় ভূমিকম্প (Earthquake)ৰ জোকাৰণি ৷ ৰিখতাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাৱল্য 3.4 আৰু ইয়াৰ গভীৰতা 10 কিলোমিটাৰ বুলি জানিব পৰা গৈছে । লক্ষ্যণীয়ভাৱে এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল (Epicenter) নগাঁও জিলা । পুৱা 8.39 বজাত অনুভূত হয় ভূমিকম্প (Earthquake)ৰ জোকাৰণি ৷
উল্লেখযোগ্য যে, বিগত কিছুদিন ধৰি ৰাজ্যত ধাৰাবাহিকভাবে অনুভূত হৈছে ভূমিকম্প (Earthquake)ৰ জোকাৰণি ৷ বিগত 28 এপ্ৰিলৰ পুৱা 7.50 বজাত 6.7 প্ৰাৱল্যৰ এটা ডাঙৰ ভূমিকম্প (Earthquake)ই ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰিছিল ৷ প্ৰায় 30 ছেকেণ্ড সময় ধৰি হোৱা এই ভূমিকম্প (Earthquake)টোৱে ৰাজ্যৰ বহু বিলাসী হোটেল, এপাৰ্টমেন্ট আদিৰ ক্ষতি কৰিছিল ৷
একেটা ভূমিকম্পৰ প্ৰভাৱতে ওডালগুৰি জিলাৰ অসম-ভূটান আৰু অৰুণাচল সীমান্ত(Assam-Arunachal-Bhutan border)ৰ ভৈৰৱকুণ্ড পাহাৰ খহি পৰিছিল ৷ একেদিনাই অৰ্থাৎ, 28 এপ্ৰিল বুধবাৰৰ দিনটোতে ইটোৰ পিচত সিটোকৈ কেইবাটাও জোকাৰণিয়ে নিশালৈকে জোকাৰি গৈছিল ৰাজ্যখনক ৷ সেয়াই আছিল আৰম্ভণি, 28 এপ্ৰিলৰ পৰৱৰ্তী সময়চোৱাত বিগত ডেৰমাহে ক্ৰমাগতভাৱে ৰাজ্যখনক বৰ্তমানলৈকে কেইবাটাও ভুমিকম্পই জোকাৰি গৈছে ৷
সঘনাই অহা এনে ভূমিকম্প (Earthquake)ৰ বাবে ৰাজ্যবাসী এতিয়া ত্ৰাসিত হৈছে ৷ এফালে মহামাৰী (Covid 19)ৰ তাণ্ডৱ আনফালে অনাগত বান (Flood) সমস্যাই ৰাইজৰ মাজত এতিয়া ৰাইজৰ চকুৰ টোপনি হেৰাইছে ৷
লগতে পঢ়ক : বিত্তমন্ত্ৰী অজন্তা নেওগে আজি সদনত দাখিল কৰিব বাজেট