তেজপুৰ,6আগষ্টঃ ৰাজ্যবাসীৰ বাবে এক সু-খবৰ ৷ ভাৰতীয় সেনা বাহিনীৰ মেজৰ জেনেৰেল তথা অসম সন্তান অনন্ত ভূঞাক শ্বিলঙস্থিত নেচনেল কেডেট কৰ্পছ ডি টি এ উত্তৰ পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাবে আজি নিযুক্তি দিয়া হৈছে।
![Ananta Bhuyan has been appointed as the Additional Director, North East, NCC DTR](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-6aug-803-pix-nccadg-0ranabkumardas-7203907_06082020183338_0608f_1596719018_300.jpg)
উল্লেখ্য যে, মেজৰ জেনেৰেল অনন্ত ভূঞাই গোৱালপাৰা সৈনিক স্কুলৰ পৰা গৈ NDAত যোগদান কৰিছিল ৷ ইয়াৰ পিছতে তেওঁ ১৯৮৩ চনত ভাৰতীয় সেনা বাহিনীৰ কুমাওঁ ৰেজিমেণ্টত বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল । বিজ্ঞান শাখাত মাষ্টাৰ ডিগ্ৰী আৰু মেনেজমেণ্ট ছায়েন্সত এম ফিল তথা চিয়াছিন গেলেশ্বৰ কৰ্মৰত অনন্ত ভূঞাক এগৰাকী পাৰদৰ্শী বিষয়া হিচাপেও জনা যায় ।আনহাতে এগৰাকী ব্ৰিগেদ কামাণ্ডাৰ হিচাপে উগ্ৰপন্থী বিৰোধী অভিযানত বিভিন্ন ৰাজ্যৰ লগতে অসমতো অৰিহণা যোগাই আহিছে অনন্ত ভূঞাই ।
লগতে পঢ়কঃআইনৰ তুলাচনীত এতিয়াও সমান নহয় ভাৰতৰ ন্যায় ব্যৱস্থা