তেজপুৰ , ৮ আগষ্ট : সৰ্বত্ৰে উন্নয়নৰ ঢাক-ঢোল বজাই থকা চৰকাৰৰ দিনতে সঘনে পোহৰলৈ আহিছে দুৰ্নীতিৰ ন ন তথ্য ৷ অভিযোগ অনুসৰি, এইবাৰ দুৰ্নীতি সংঘটিত হৈছে শোণিতপুৰ জিলাৰ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী গাঁও পঞ্চায়ত অন্তৰ্গত তথা বিহগুৰি উন্নয়ন খণ্ডত (Allegations of corruption in Sonitpur) ৷ এই অভিযোগ অঞ্চলবাসীৰ ৷
স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, অঞ্চলটোৰ এটা নামঘৰত টিনপাত লগোৱাৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ তথ্য অনুসৰি, দুই নম্বৰ গাভৰু গ্ৰান্টত ফেঞ্চিংসহ নামঘৰটো নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 2019-20 ৰ চতুৰ্দশ বিত্তীয় আয়োগৰ (14th Finance Commission of 2019-20) অধীনত ছয় লাখ টকা আৱন্টিত হৈছিল ৷ কিন্তু সেয়া সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল ৷
অঞ্চলটোৰ ৰাইজে উল্লেখ কৰা মতে, অঞ্চলটোত থকা পুৰণি নামঘৰটো নষ্ট হ’বলৈ ধৰাত ৰাইজে এই নামঘৰটোকে নতুনকৈ মেৰামতি কৰিবলৈ অনুৰোধ কৰিছিল নামঘৰ পৰিচালনা সমিতিক ৷ কিন্তু পুৰণি নামঘৰটো মেৰামতি কৰাৰ বিপৰীতে বাঁহবাৰী গাঁও পঞ্চায়তৰ সভাপতি ভদ্ৰেশ্বৰ ওৰাং আৰু গাভৰু উন্নয়ন খণ্ডৰ তদানীন্তন কণিষ্ঠ অভিযন্তাই পুৰণা নামঘৰটোৰ কাষতে একেধৰণৰ আন এটা নামঘৰহে নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷
নতুন নামঘৰটো নিৰ্মাণৰ বাবদ বাঁহবাৰী গাঁও পঞ্চায়তৰ সভাপতি ভদ্ৰেশ্বৰ ওৰাং আৰু গাভৰু উন্নয়ন খণ্ডৰ তদানীন্তন কণিষ্ঠ অভিযন্তাগৰাকীয়ে মাত্ৰ 50 হাজাৰ টকাহে ব্যয় কৰি সমূদায় টকা আত্মসাৎ কৰিলে ৷ যাৰ বাবে পুৰণি নামঘৰটো বাদেই নতুন নামঘৰটোও সঠিকভাৱে নিমাৰ্ণ হোৱা নাই ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷
সেয়ে উক্ত বিষয় সন্দৰ্ভত উচিত তদন্ত কৰি ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই দুৰ্নীতিপৰায়ণ বিভাগীয় চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনায় ৷
লগতে পঢ়ক : Poor Irrigation Facilities: জলসিঞ্চন বিভাগৰ হেমাহিত অতিষ্ঠ কলিয়াবৰৰ কৃষক ৰাইজ