ETV Bharat / state

ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিচাত প্ৰতিবাদ - অখিল ভাৰতীয় চাহ মজদুৰ সংঘ

ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিচাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই । বিভিন্ন দাবীৰে পৰিস্থিতি উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

tea worker protest
ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিচাত প্ৰতিবাদ
author img

By

Published : Jul 28, 2021, 10:09 PM IST

ৰঙাপৰা, ২৮ জুলাই : বছৰ বছৰ ধৰি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ আহিছে চাহ বাগিচা (Tea Garden) অঞ্চলৰ ৰাইজ । অন্ন, বস্ত্ৰ, বাসস্থানক লৈ একপ্ৰকাৰ হাহাকাৰ কৰিবলগীয়া হয় বাগিচা অঞ্চলৰ ৰাইজে । ইফালে প্ৰতিখন চৰকাৰে চাহ বাগিচাৰ ৰাইজৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছে ।

আনকি প্ৰতিটো দলেই নিৰ্বাচনৰ প্ৰাকক্ষণত বাগিচাৰ ভোটাৰ ৰাইজক আকৰ্ষণৰ চেষ্টা চলাই আহিছে । কিন্তু তেওঁলোকৰ সমস্যাবোৰ তেনেকৈয়ে আছে । যাৰ বাবে বিভিন্ন সময়ত অসমৰ ভিন্ন প্ৰান্তত চাহ বাগিচাৰ ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । এইবাৰ পুনৰ শোণিতপুৰ জিলাৰ ৰঙাপৰাত দেখা গ'ল উত্তাল প্ৰতিবাদ ।

ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিচাত প্ৰতিবাদ

লগতে চাওকঃ প্ৰাণ দি হ’লেও ভূমি নিদিয়াৰ হুংকাৰ AJYCPৰ

বিভিন্ন শ্ল'গানেৰে মুখৰিত হৈ পৰিল ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিচা । চাহ শ্ৰমিক (Tea worker) ৰাইজৰ জলন্ত সমস্যাসমূহ সমাধানৰ দাবীত সংগঠনটোৱে এপিজে টি কোম্পানীৰ অধীনত থকা চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰে । পুৱা ৭ বজাত চাহ বাগিচাখনৰ শ্ৰমিকসকলে কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

শ্ৰমিকসকলে বাসগৃহ মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ কৰা, খেৰৰ পৰিৱৰ্তে টিনপাত লগোৱাৰ ব্যৱস্থা কৰা, অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ গ্ৰেছুইটি, ভৱিষ্যত নিধি আৰু পেঞ্চনৰ ধন সোনকালে আদায় দিয়াৰ ব্যৱস্থা কৰা, স্থায়ী-অস্থায়ী শ্ৰমিকক ছাতি, তিৰপাল, চেণ্ডেল আৰু বাস্কেট আদি দিবলৈ চাহ বাগিচা কৰ্তৃপক্ষক দাবী জনায় । অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ধূলাপাদুং চাহ বাগিচাৰ শাখা কমিটিৰ সভাপতি ইছান কেওট আৰু সম্পাদক চেম চমাদে স্বাক্ষৰ প্ৰদান কৰি এখন দাবী সম্বলিত পত্ৰ চাহ বাগিচাখনৰ জ্যেষ্ঠ পৰিচালকগৰাকীৰ হাতত অৰ্পণ কৰে । উক্ত সমস্যাসমূহ বাগিচা কৰ্তৃপক্ষই সমাধান কৰাত যদি ব্যৰ্থ হয় তেতিয়াহলে অনাগত দিনত ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰয়েল চৰেঙে ।

লগতে পঢ়ক : দুলীয়াজানত জ্বলিল মিজোৰামৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.