ETV Bharat / state

AJYCP Protest at Rangapara: বৰ্ধিত পৌৰ কৰ বাতিলৰ দাবীত ৰঙাপৰাত AJYCPৰ প্ৰতিবাদ - Protest Against Municipality Tax Hike in Rangapara

ৰঙাপৰাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ ৰঙাপৰা পৌৰসভা কাৰ্যালয়ৰ সন্মুখত যুৱ-ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰঙাপৰা আঞ্চলিক সমিতিৰ সহযোগত মাত্ৰাধিক পৌৰকৰ বৃদ্ধিৰ প্ৰতিবাদত সংগঠনটোৱে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী (AJYCP Protest at Rangapara) ।

AJYCP Protest at Rangapara
ৰঙাপৰাত AJYCPৰ প্ৰতিবাদ
author img

By

Published : Mar 21, 2023, 8:30 AM IST

Updated : Mar 21, 2023, 9:34 AM IST

বৰ্ধিত পৌৰ কৰ বাতিলৰ দাবীত ৰঙাপৰাত AJYCPৰ প্ৰতিবাদ

ৰঙাপৰা, 21 মাৰ্চ: শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰাজ্যৰ পৌৰ নিকায় আৰু পৌৰ নিগম এলেকাত থকা আবাসিক আৰু বাণিজ্যিক প্ৰতিষ্ঠান সমূহকে ধৰি অন্যান্য কৰ অস্বাভাৱিক হাৰত বৃদ্ধি কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি ৰখাৰ সময়তে এইবাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ পৌৰ নিগম আৰু পৌৰসভা এলেকাৰ নাগৰিকৰ সম্পত্তি কৰ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যবাসী ৷

ৰাজ্য চৰকাৰে অসমৰ পৌৰ নিগম আৰু পৌৰসভাৰ অন্তৰ্গত গৃহ কৰকে আদি কৰি অনান্য কৰ অভাৱনীয় হাৰত বৃদ্ধি কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ যোৱা সোমবাৰে, শোণিতপুৰ জিলাৰ ৰঙাপৰাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দিনৰ 11 বজাত ৰঙাপৰা পৌৰসভা কাৰ্যালয়ৰ সন্মুখত যুৱ-ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰঙাপৰা আঞ্চলিক সমিতিৰ সহযোগত মাত্ৰাধিক পৌৰকৰ বৃদ্ধিৰ প্ৰতিবাদত সংগঠনটোৱে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী (Protest in Rangapara Municipality Office)।

প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ হায় হায়, অসম চৰকাৰৰ দাদাগিৰি বন্ধ কৰক, অসম চৰকাৰে পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰক, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্ল'গানেৰে ৰঙাপৰা পৌৰসভা কাৰ্যালয়ৰ চৌহদত উত্তাল কৰি তোলে আৰু ৰাজ্য চৰকাৰৰ এনে জনবিৰোধী নীতি বাতিলৰ দাবী কৰে ৷ যুৱ-ছাত্ৰ পৰিষদে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত চি পি আই (এম), ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আৰু সদৌ অসম ভোজপুৰী পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত আছিল (AJYCP Protest at Rangapara) ।

প্ৰতিবাদীকাৰী সকলে চহৰত বসবাস কৰি থকা ৰাইজক কৰ বৃদ্ধিৰে মাধমাৰ শোধাৱা কাৰ্যক কেতিয়াও সহ্য নকৰে বুলি সকীয়াই দিয়ে ৷ প্ৰতিবাদৰ অন্তত যুৱ-ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নৃপেন্দ্ৰ চন্দ্ৰ নাথ আৰু সাধাৰণ সম্পাদক জিতু তালুকদাৰৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ৷ পত্ৰখনত অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে পৌৰকৰ সন্দৰ্ভত জাৰি কৰা জাননী বাতিল কৰাৰ লগতে সামগ্ৰিক ভাৱে পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱ তৎকালে বাতিল কৰাৰ দাবী জনাইছে (Protest Against Municipality Tax Hike in Rangapara)।

আনহাতে, ঋণত ডুব গৈ থকা অসম চৰকাৰে ৰাজহ সংগ্ৰহৰ বাবে এটাৰ পাছত আনটোকৈ কৰৰ বোজা জাপি দিছে সাধাৰণ ৰাইজৰ ওপৰত ৷ ৰাইজক এইদৰে ৰামটাঙোন শোধোৱাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰঙাপৰা চেম্বাৰ অৱ কৰ্মাচ ৷ যোৱা সোমবাৰে ৰঙাপৰাৰ চেম্বাৰ অৱ কৰ্মাচে ৰঙাপৰা পৌৰসভা কাৰ্যালয়ৰ পৌৰপতি হৰিসাধন দাসক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ সংগঠনটোৰ সভাপতি ৰাজেশ পাটোদিয়া আৰু সম্পাদক পৰমাৰ্থ দত্ত স্বাক্ষৰিত স্মাৰক পত্ৰখনত পৌৰসভা এলেকাত হোল্ডিং কৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত কোনো প্ৰস্তাৱ গ্ৰহণ কৰাৰ পূৰ্বে কৰদাতা ৰাইজৰ সৈতে আলোচনা কৰাৰ দাবী জনাইছে ৷ উল্লেখ্য যে ৰঙাপৰা পৌৰসভা কাৰ্যালয়ৰ অধীনত থকা মুঠ দহটা ৱাৰ্ডত ২০২১-২২ বৰ্ষত ২ হাজাৰ ৯৮০ টা হোল্ডিং নম্বৰ আছে। দহটা ৱাৰ্ডত বসবাস কৰি থকা পৰিয়াল আৰু ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহে প্ৰতি বছৰে পৃথক পৃথক ভাৱে চৰকাৰক কৰ প্ৰদান কৰি আহিছে ৷

লগতে পঢ়ক:Protest against municipality tax hike: এজেৱাইচিপিৰ প্ৰতিবাদত উত্তাল যোৰহাট পৌৰসভা কাৰ্যালয়

Last Updated : Mar 21, 2023, 9:34 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.